ডাউনলোড
মোবাইল এপ

android apple
signal

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট অমীমাংসিতভাৱে সমাপ্ত

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট আজি অমীমাংসিতভাৱে সমাপ্ত হৈছে। খেলখনৰ আজি অন্তিম দিনা ঘৰুৱা দলটোৱে দ্বিতীয় ইনিংছত ৭ উইকেটৰ বিনিময়ত ৮৯ ৰান কৰি নাটকীয়ভাৱে ইনিংছ সমাপ্তি ঘোষণা কৰে আৰু ভাৰতক দ্বিতীয় ইনিংছত ২৭৫ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি কোনো উইকেট নেহেৰুৱাকৈ ৮ ৰান কৰা অৱস্থাত বৰষুণৰ বাবে খেলৰ সমাপ্তি ঘোষণা কৰা হয়। ইয়াৰ আগতে ভাৰতে কালি ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২৫২ ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰি ২৬০ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ দশম উইকেটৰ যুটীত যশপ্রীত বুমৰা আৰু আকাশদ্বীপে মুঠ ৪৭ ৰান সংগ্ৰহ কৰে। ফলত ভাৰত অষ্ট্ৰেলিয়াতকৈ ১৮৫ ৰানত পিছপৰি থাকে। অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছ আৰম্ভ কৰি বিপৰ্যয়ৰ সন্মুখীন হয় আৰু ৮৯ ৰানতে ৭ টা উইকেট হেৰুৱাই যদিও দলটোৰ অধিনায়ক পেট কামিংছে ইনিংছ সমাপ্তি ঘোষণা কৰে। ভাৰতৰ হৈ বুমৰাই ১৮ ৰানত তিনিটা উইকেট দখল কৰে। চিৰাজ আৰু আকাশদীপে দুটাকৈ উইকেট দখল কৰে। প্ৰথম ইনিংছত ৬টা আৰু দ্বিতীয় ইনিংছত তিনিটা উইকেট দখল কৰা যশপ্রীত বুমৰাক মেন অব দা মেচ ঘোষণা কৰা হয়।পাঁচখন খেলৰ শৃংখলাটোত দুয়োটা দলে ইতিমধ্যে একোখনকৈ খেলত জয় লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক