ডাউনলোড
মোবাইল এপ

android apple
signal

ব্ৰিটেইনৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰক প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কীৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে, ব্ৰিটেইনৰ সৈতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰত সদায়েই আগ্রহী। দুয়োখন দেশৰ মাজত ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবেও ভাৰত আগ্ৰহী বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে তেওঁৰ কাৰ্যকালত ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰাত সক্ৰিয় অৱদান আগবঢ়োৱা ৰিছি ছুন’ক’ৰ প্ৰতিও কৃতজ্ঞতা প্রকাশ কৰিছে। উল্লেখযোগ্য যে, ষ্টাৰমাৰ্কৰ এই জয়লাভৰ ফলত ব্ৰিটেইনত ট’ৰি দলৰ ১৪ বছৰীয়া শাসনৰ অৱসান ঘটিল। এই নিৰ্বাচনত লেবাৰ পাৰ্টীয়ে ৪১২ খন আসন লাভ কৰাৰ বিপৰীতে কনজাৰভেটিভ পাৰ্টীয়ে ১২১ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

অধিক পঢ়ক

সকলো চাওক