ডাউনলোড
মোবাইল এপ

android apple
signal

ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ভূমিপূজন সম্পন্ন

পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া চাৰিলেনযুক্ত দলঙৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন কৰে। বিষ্ণুৰাম মেধিৰ নামেৰে এইখন দলঙৰ নামকৰণ কৰা হৈছে। ৩,১৯৭ কোটি টকা প্ৰকল্প ব্যয়ৰে চাৰিটা লেন থকাকৈ নিৰ্মাণৰ বাবে আৰ্হি প্ৰস্তুত কৰা হৈছে। যান-বাহনে ঘণ্টাত ১০০ কিলোমিটাৰ বেগেৰে গতি কৰিব পৰাকৈ দলঙখনৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। ২০২৮ চনৰ ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ’ব। দলংখন সম্পূৰ্ণ হ’লে পলাশবাৰী আৰু শুৱালকুছিৰ ৰাইজৰ বহুদিনীয়া আশা পূৰণ হব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তদুপৰি যাত্ৰাৰ সময় আৰু যাতায়াত ব্যয়ো হ্ৰাস হব বুলি তেওঁ উল্লেখ কৰে। বস্ত্ৰনগৰী শুৱালকুছিৰ পৰ্যটনৰ ক্ষেত্ৰখনকো ই সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। লুইতৰ উত্তৰ পাৰৰ শুৱালকুছি আৰু দক্ষিণ পাৰৰ পলাশবাৰীক সংযোগ কৰিবলগীয়া এই গ্ৰীণফিল্ড প্ৰকল্পই পলাশবাৰী আৰু শুৱালকুছিৰ সামগ্রিক উন্নয়নৰ কাম-কাজ সামৰি লব। কামৰূপ মহানগৰৰ পশ্চিম অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰা, শুৱালকুছি আৰু ইয়াৰ কাষৰীয়া জিলাসমূহৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ পোনপটীয়া সংযোগৰ সুবিধা, উচ্চ শিক্ষানুষ্ঠান আৰু উন্নত চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত দুয়োপাৰৰ জনসাধাৰণৰ বাবে সুচল যাতায়াত আৰু গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ যান-জঁট তথা বায়ু প্ৰদূষণ ৰোধৰ বাবেও এই প্ৰকল্পৰ জৰিয়তে প্ৰয়াস কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে আজি শুৱালকুছিত উপস্থিত হৈ বিজেপিৰ শুৱালকুছি মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয়টো মুকলি কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে মিত্ৰ দলসমূহৰ সৈতে সমষ্টি পৰ্যায়ত মিত্রতা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক