ডাউনলোড
মোবাইল এপ

android apple
signal

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ কাম ৫৩.২৭ শতাংশ সম্পূৰ্ণ: নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি সদনত কয়, যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ কাম ৫৩.২৭ শতাংশ সম্পূৰ্ণ হৈছে। তেওঁ লগতে কয়, যে ২০২৮ চনৰ ২২ অক্টোবৰৰ ভিতৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব। সদনৰ প্রশ্নোত্তৰ কালত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ সকলো ৰাষ্ট্ৰীয় প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব। তেওঁ উল্লেখ কৰে যে অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্যৰ দায়িত্ব ৰাজ্যৰ লোকনিৰ্মাণ বিভাগক দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক