পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া চাৰিলেনযুক্ত দলঙৰ আজি ভূমিপূজন কৰা হ’ব। শুৱালকুছিৰ বাথান পামত হ’বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব। ১২.২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ মুঠ ব্যয় ৩,১৯৭ কোটি ২০ লাখ টকা ধাৰ্য কৰা হৈছে। প্ৰকল্পটোৰ উল্লেখনীয় দিশসমূহ হৈছে- লুইতৰ উত্তৰপাৰৰ শুৱালকুছি আৰু দক্ষিণ পাৰৰ পলাশবাৰীক সংযোগ কৰিবলগীয়া এয়া এটা গ্ৰীণফিল্ড প্রকল্প। উত্তৰ আৰু দক্ষিণপাৰৰ দলং সংযোগী পথৰ দৈৰ্ঘ্য হ’ব 0.২১৬ কিলোমিটাৰ । আনহাতে প্ৰকল্পটোৰ সুবিধাসমূহ হ’ল- পলাশবাৰী আৰু শুৱালকুছিৰ সামগ্রিক উন্নয়নেৰে কামৰূপ মহানগৰৰ পশ্চিম অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰা, শুৱালকুছি আৰু ইয়াৰ কাষৰীয়া জিলাসমূহৰ পৰা লোকপ্ৰিয় গোপীনাথত বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ পোনপটীয়া সংযোগৰ সুবিধা আগবঢ়োৱা, উচ্চ শিক্ষানুষ্ঠান আৰু উন্নত চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত দুয়োপাৰৰ জনসাধাৰণৰ বাবে সুচল যাতায়াত আৰু গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ যান-জঁট আৰু বায়ু প্ৰদূষণ ৰোধৰ উদ্যোগ গ্ৰহণ কৰা
Site Admin | December 8, 2024 11:23 AM | palashbari sualkuchi bridge bhumipujan