ব্রুনেইৰ ৰাজধানী বন্দৰ ছেৰী বিগৱানত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রুনেই আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি দুপৰীয়া ব্রুনেইৰ ৰাজধানী বন্দৰ ছেৰী বিগৱানত উপস্থিত হৈছেগৈ। ব্ৰুনেই বিমান বন্দৰত প্ৰধানমন্ত্ৰীক যুৱৰাজ হাজি অল মুহতাদী বিল্লাহে আনুষ্ঠানিকভাৱে অভ্যর্থনা জনায়। প্রথম দ্বিপাক্ষিক ভ্ৰমণসূচীৰে তেওঁ ব্রুনেইলৈ গৈছে। ভাৰত আৰু ব্রুনেই দুয়ো দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখন ভ্ৰমণ কৰিছে। ইয়াৰ আগেয়ে দ্বিদেশীয় ভ্রমণসূচীৰে ৰাওৱা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ব্ৰুনেই আৰু ছিংগাপুৰ ভ্ৰমণে দেশ দুখনৰ লগতে বৃহত্তৰ আছিয়ান অঞ্চলৰ সৈতে ভাৰতৰ সহযোগিতা সুদৃঢ় কৰিব বুলি আস্থা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে, দুয়োখন দেশ ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ সহযোগী। উৎসৱ পালনৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ চুলতান হাজি হছনল বোলকিয়া আৰু ৰাজ পৰিয়ালৰ অন্য সদস্যসকলৰ সৈতে আলোচনাত মিলিত হ’বলৈ আগ্ৰহেৰে বাট চাই আছে। প্রধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ব্রুনেইৰ পৰা ছিংগাপুৰলৈ ৰাওনা হ’ব। শ্রী মোদীয়ে কয় যে তেওঁক ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন ছনমুগৰত্নম, প্রধানমন্ত্রী লঞ্চে ৱং, জ্যেষ্ঠ মন্ত্রী লী ছিয়েন লুং আৰু জ্যেষ্ঠ নেতা গোহ চোক তোঙক সাক্ষাৎ কৰাৰ এই সুযোগলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ভ্ৰমণকালত শ্ৰী মোদীয়ে ছিংগাপুৰত আগশাৰীৰ ব্যৱসায়ীসকলকো সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ সৈতে বিশেষকৈ উন্নত নিৰ্মাণ প্ৰযুক্তি, ডিজিটীয়কৰণ আৰু দীর্ঘস্থায়ী উন্নয়নৰ ক্ষেত্ৰত কৌশলগত সহযোগিতা গভীৰ কৰি তোলাৰ বিষয় লৈ আলোচনা কৰিব বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক