September 4, 2024 7:42 PM | PM Singapore

printer

ব্রুনেইৰ সফল ভ্রমণ সামৰি প্ৰধানমন্ত্ৰী ছিংগাপুৰৰ লিয়ন চহৰত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রুনেইৰ সফল ভ্রমণ সামৰি আজি বিয়লি ছিংগাপুৰৰ লিয়ন চহৰত উপস্থিত হয়। শ্রীমোদী প্রধানমন্ত্রী লৰেন্স ৱঙৰ আমন্ত্রণমৰ্মে দেশখনলৈ গৈছে। ছিংগাপুৰৰ গৃহমন্ত্ৰী গৃহ পৰিক্ৰমা আৰু আইন মন্ত্ৰী কে ছনমুগমে প্রধানমন্ত্রী মোদীক আদৰণি জনায়। প্রধানমন্ত্ৰী হোটেলত উপস্থিত হোৱাৰ সময়ত দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে তেওঁক বিপুলভাৱে আদৰণি জনায়। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে শ্রীমোদীৰ সন্মানার্থে ব্যক্তিগত নৈশ ভোজৰ আয়োজন কৰিছে। দুয়োগৰাকী নেতাই কাইলৈ ভাৰত আৰু ছিংগাপুৰৰ মাজৰ কৌশলগত সহযোগিতাৰ অগ্ৰগতি পর্যালোচনা কৰিব আৰু পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদী ছিংগাপুৰৰ ৰাষ্ট্ৰপতি আৰু অন্য গণ্য মান্য ব্যক্তিৰ সৈতে বৈঠকত মিলিত হ’ব। তেওঁ এ ই এম অর্ধপৰিবাহী উৎপাদন গোটো পৰিদৰ্শন কৰিব। প্রধানমন্ত্রী মোদী লগতে ছিংগাপুৰৰ বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছে । আমাৰ সংবাদদাতাই জনাইছে যে, ভাৰতৰ এক্ট ইষ্ট নীতিত গতি প্ৰদানৰ দিশৰ পৰা প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। শ্রীমোদী প্রায় ৬ বছৰ ব্যৱধানত ছিংগাপুৰ ভ্ৰমণলৈ গৈছে। ছিংগাপুৰৰ সৈতে ভাৰতৰ শক্তিশালী প্ৰতিৰক্ষা সহযোগিতা আছে আৰু শেহতীয়া সময়ত দেশ দুখনৰ মাজত বাণিজ্য আৰু বিনিয়োগ যথেষ্ট বৃদ্ধি পাইছে। ছিংগাপুৰ আছিয়ান অঞ্চলত ভাৰতৰ সৰ্ববৃহৎ ব্যৱসায়িক অংশীদাৰ আৰু প্রত্যক্ষ বিদেশি বিনিয়োগৰ অগ্রণি উৎস। ইয়াৰ পূৰ্বে ভাৰত আৰু ব্রুনেই আজি কৃত্ৰিম উপগ্ৰহ আৰু উৎক্ষেপন যানৰ বাবে টেলিমেট্ৰি অর্থাৎ দুৰমিতি, পৰ্যবেক্ষণ আৰু টেলিকামাণ্ড ষ্টেছন পৰিচালনা সহযোগিতা সন্দৰ্ভত এখন চুক্তিত স্বাক্ষৰ কৰে। দুয়োখন দেশে লগতে পাৰস্পৰিক স্বার্থ জড়িত সকলো ক্ষেত্ৰত সম্পৰ্ক অধিক সূদৃঢ় আৰু গভীৰ কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্রুনেইৰ ছুলতান হাজী হচনল বোল্কিয়াৰ মাজত অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, বাণিজ্য আৰু বিনিয়োগ, শক্তি, মহাকাশ প্রযুক্তি, স্বাস্থ্য আৰু ভেষজ, সামৰ্থ বৃদ্ধি, সংস্কৃতি আৰু জনসম্পর্ককে ধৰি বিভিন্ন ক্ষেত্ৰৰ দ্বিপাক্ষিক সম্পৰ্কৰ বুজ লয়। আলোচনাত প্রধানমন্ত্রী মোদীয়ে কয় যে, দুয়োখন দেশৰ বাবে উজ্বল ভৱিষ্যতৰ নিশ্চয়তা স্বৰূপ ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীত ব্রুনেইৰ এটা গুৰুত্বপূৰ্ণ স্থান আছে। শ্রীমোদীয়ে লগতে তেওঁৰ তৃতীয় কাৰ্যকালৰ আৰম্ভণিতে ব্রুনেই ভ্ৰমণৰ সুযোগ লাভ আৰু চুলতানৰ সৈতে ভৱিষ্যত সম্পর্কে আলোচনা কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। ভাৰত আৰু ব্রুনেইৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা স্থাপনৰ ৪০ সংখ্যক বাৰ্ষিকী উদযাপনৰ সময়ত গ্ৰহণ কৰা এই ভ্ৰমণ দ্বৈৱসংযোগৰূপে পৰিগণিত হোৱা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ব্রুনেইৰ চুলতানৰ নেতৃত্বত ভাৰত আৰু ব্রুনেইৰ মাজৰ সম্পৰ্ক দিনে দিনে শক্তিশালী হৈ উঠিছে। ভাৰতৰ জনসাধাৰণে ২০১৮ চনৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত ব্রুনেইৰ চুলতানে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা আজিও গৌৰৱেৰে স্মৰণ কৰে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেঁও কয় যে, ভাৰত আৰু ব্রুনেই অনাগত সময়ত উভয় দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক আৰু জনসম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব।

অধিক পঢ়ক

সকলো চাওক