ব্রিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষোড়শ ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে আজি ৰাছিয়ালৈ ৰাওনা হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্রণমৰ্মে কাজানত হ’বলগীয়া ব্ৰিকছ সন্মিলনত অংশ ল’ব। এইবাৰৰ এই সন্মিলনৰ বিষয় হৈছে-গোলকীয় বিকাশ আৰু সুৰক্ষাৰ বাবে বহুপাক্ষিকতা শক্তিশালী কৰা। ৰাছিয়াত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনয় কুমাৰে কালি কাজানত আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত কয় যে, এই সন্মিলনে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ আলোচনা কৰাৰ বাবে গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব। সন্মিলনত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীয়ে মুকলি কৰা বিভিন্ন উদ্যমৰ প্ৰগতিৰ বিষয়েও আলোচনা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণকালত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি তেওঁ জানিবলৈ

দিয়ে। ইপিনে প্রধানমন্ত্ৰীৰ ৰাছিয়া ভ্রমণ সন্দৰ্ভত কালি নতুন দিল্লীত সাংবাদিকৰ আগত বিদেশ সচিব বিক্রম মিশ্রিয়ে কয় যে, ভাৰত হৈছে ব্ৰিকছৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ আৰু আৰম্ভণিৰে পৰা ইয়াৰ সকলো কার্যকলাপ তথা পদক্ষেপত ভাৰতে অংশগ্রহণ কৰি আহিছে। ব্ৰিকছৰ বাবে ভাৰতৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমিশ্রিয়ে কয় যে, অর্থনৈতিক বিকাশ, বহনক্ষম উন্নয়ন আৰু গোলকীয় শাসন সংস্কাৰ আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত ব্ৰিকছৰ প্ৰচেষ্টাত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
বিদেশ সচিবগৰাকীয়ে লগতে উল্লেখ কৰে যে, ব্ৰিকছে ভালেমান গোলকীয় প্রত্যাহ্বান প্রতিহত কৰাৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ কয় যে, এই দুদিনীয়া শীর্ষ সন্মিলনে অর্থনৈতিক সহযোগিতা শক্তিশালী কৰা, শক্তি আৰু খাদ্য সুৰক্ষাৰ বাবে সহযোগিতাৰ প্ৰসাৰ কৰা তথা স্বাস্থ্যখণ্ডত সহযোগিতা বৃদ্ধি কৰিব। বিদেশ সচিবগৰাকীয়ে লগতে কয় যে, যোৱা বছৰ জোহান্সবার্গত অনুষ্ঠিত সন্মিলনত প্ৰথমবাৰৰ বাবে ব্ৰীকছৰ সম্প্ৰসাৰণ হোৱাৰ পাছত এইবাৰ প্ৰথম এই সন্মিলন অনুষ্ঠিত হ’ব।
শ্রীমোদীয়ে এই সন্মিলনৰ সুযোগতে ব্ৰিকছ সদস্য ৰাষ্ট্ৰৰ নেতা তথা অন্যান্য আমন্ত্রিত ব্যক্তিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক