ডাউনলোড
মোবাইল এপ

android apple
signal

ব্যক্তিগত প্ৰতিষ্ঠান আৰু ষ্টার্টআপসমূহৰ সৈতে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ ৭২ খন বুজাবুজিৰ চুক্তি

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ বিভাগে কালি নতুন দিল্লীত ব্যক্তিগত প্ৰতিষ্ঠান আৰু ষ্টার্টআপসমূহৰ সৈতে ৭২ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বিশেষভাৱে সক্ষম লোকসকলক সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে সৱল কৰি তোলাই এই বুজাবুজিৰ চুক্তিসমূহৰ প্ৰধান লক্ষ্য। সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰ আৰু ৰাজ্য মন্ত্ৰী বি এল বাৰ্মাৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিকেইখনত স্বাক্ষৰ কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি ড০ কুমাৰে কয় যে, বিভাগে দিব্যাংগ লোকসকলৰ সামাজিক, অর্থনৈতিক আৰু শৈক্ষিক সৱলীকৰণৰ দিশত ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দেশৰ ভালেকেইটা প্রতিষ্ঠানে এনে লোকসকলৰ জীৱন সহজসাধ্য কৰি তুলিবলৈ কম খৰচত উপযোগী যন্ত্ৰ নিৰ্মাণ কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। কালি স্বাক্ষৰিত বুজাবুজিৰ চুক্তিসমূহে দিব্যাংগ লোকসকলৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা প্রতিফলিত কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক