বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা জি পি সিঙৰ

■ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। কালি কাহিলিপাৰাত আৰক্ষীৰ প্রশিক্ষণ সমাপ্তিৰ কুচকাৱাজত অংশ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত শ্রীসিঙে এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে, বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত মুঠ ১০টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে গুৱাহাটী আৰু লখিমপুৰত
বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰৰ বাবে অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সঞ্চালকপ্ৰধানগৰাকীক কয় যে শিৱসাগৰত এই ঘটনাৰ তদন্ত যথেষ্ট আগবাঢ়িছে আৰু ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৪ জন লোকক আটক কৰা হৈছে। ইপিনে গুৱাহাটীৰ এটা শ্বপিং ম’লত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্রীসিঙে কয় যে, গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ শ্বপিং ম’ল আৰু হাস্পতাললৈ বিগত ছমাহ ধৰি ইমেইলৰ জৰিয়তে বোমা সংস্থাপনৰ ভুৱা ভাবুকি আহি আছে। কোনো দুষ্টচক্রই এনে কাম সংঘটিত কৰি থকা বুলি প্ৰকাশ কৰি তেওঁ কয় যে, এই সন্দৰ্ভত কেন্দ্রীয় সংস্থাই সংশ্লিষ্ট ৰাজ্যসমূহৰ আৰক্ষীৰ সহযোগত তদন্ত অব্যাহত ৰাখিছে। সঞ্চালকপ্ৰধানগৰাকীয়ে লগতে কয় যে, অসমত সম্প্ৰতি শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে আৰু কোনো কাৰণতে এই পৰিৱেশ বিঘ্নিত কৰাটো উচিত নহয়। এনেক্ষেত্ৰত কোনো লোকে আইন ভংগ কৰি বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিলে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’ব। এইক্ষেত্ৰত কোনো লোকৰ কিবা অভিযোগ থাকিলে সেয়া চৰকাৰক অৱগত কৰিবলৈ তেওঁ আহ্বান
জনায়।

অধিক পঢ়ক

সকলো চাওক