June 16, 2024 8:15 PM | Atul Bora

printer

বোকাখাটত ৫০০ গৰাকী দিব্যাংগ লোক আৰু শিশুৰ মাজত মন্ত্ৰী অতুল বৰাৰ বিভিন্ন সামগ্ৰী বিতৰণ

ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত ৫০০ গৰাকী দিব্যাংগ লোক আৰু শিশুৰ মাজত শ্রবন যন্ত্ৰ, হুইল ছেয়াৰ, হাতেৰে চলোৱা চাইকেল আৰু বেটাৰী চালিত চাইকেল বিতৰণ কৰে। গোলাঘাট জিলাৰ শিশু সংহত উন্নয়ন প্ৰকল্পৰ সৌজন্যত আৰু বোকাখাট মহকুমা প্রশাসনৰ সহযোগত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মন্ত্ৰী শ্ৰীবৰাই দিব্যাংগসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। বোকাখাট বিধানসভা সমষ্টিৰ সকলো দিব্যাংগ লোকক এই সুবিধা প্রদান কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে। ইপিনে, আজিৰ দিনটোতে মন্ত্ৰীগৰাকীয়ে বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত নুমলীগড় তেল শোধানাগাৰৰ সামাজিক উন্নয়ন আঁচনিৰ অধীনত ২ কোটি ৯০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা মুকলি প্ৰেক্ষাগৃহ উদ্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক