বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুলা খলিলে কালি নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ড০ জয়শংকৰে সাগৰ দৰ্শন আৰু ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰ অধীনত দ্বীপৰাষ্ট্ৰখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ কথা দোহাৰি দেশখনলৈ সমৰ্থন অব্যাহত ৰখাৰ আশ্বাস দিয়ে। দুয়োগৰাকী নেতাই বিগত বৰ্ষৰ অক্টোবৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰ হোৱা বুজাবুজি চুক্তিৰ পাছৰ পৰ্যায়ৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহত আলোচনা কৰে।
ড০ খলিলে ভাৰতে মালদ্বীপৰ প্ৰয়োজনত তৎকালে আর্থিক সাহায্য প্রদান কৰাৰ বিষয়ৰ শলাগ লৈ কয়, যে এই পদক্ষেপে প্ৰথম সঁহাৰি প্ৰদানকাৰী হিচাপে ভাৰতৰ ভূমিকাক প্ৰতিফলিত কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ভাৰত-মালদ্বীপ বিস্তৃত অর্থনীতি আৰু সামুদ্রিক সুৰক্ষা অংশীদাৰীত্বৰ ক্ষেত্ৰত যুটীয়া সহযোগিতাৰ আগবঢ়াবলৈ ভাৰতৰ সৈতে ৰাষ্ট্ৰপতি মুইজ্জু আৰু মালদ্বীপ চৰকাৰ বদ্ধপৰিকৰ। বৈঠকত দুয়োখন দেশে ভাৰতৰ অনুদান সাহায্যৰ জৰিয়তে মালদ্বীপত সমুদায় বিকাশ প্ৰকল্পৰ তৃতীয় পৰ্যায়ৰ অধীনত ৰূপায়ণ কৰা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
Site Admin | January 4, 2025 5:58 PM | India-Maldives MoU
বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰৰ মালদ্বীপৰ বিদেশ মন্ত্ৰীৰে দ্বিপাক্ষিক বৈঠক
