বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ নতুন দিল্লীৰ ইৰাণ দূতাবাসত উপস্থিত

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি নতুন দিল্লীৰ ইৰাণ দূতাবাসত উপস্থিত হৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰায়ছি আৰু বিদেশ মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত শোক প্রকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে কয় যে ভাৰত –ইৰাণৰ সম্পৰ্কৰ বিকাশত প্ৰয়াত নেতা দুগৰাকীৰ ভাৰতৰ বন্ধু হিচাপে সদায়েই স্মৰণীয় হৈ ৰব। এই কঠিন সময়ত ভাৰত চৰকাৰ ইৰাণৰ জনসাধাৰণৰ সৈতে সংহতিৰে ঠিয় দিব বুলিও ড° জয়শংকৰে কয়।

অধিক পঢ়ক

সকলো চাওক