ডাউনলোড
মোবাইল এপ

android apple
signal

বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ ৪০ সংখ্যক প্রতিষ্ঠা দিৱসত মন্ত্রী ড০ জিতেন্দ্র সিঙৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি নতুন দিল্লীত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ ৪০ সংখ্যক প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা, অধ্যাপক অজয় কুমাৰ সুদ, বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ সচিব তথা বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ চি এছ আই আৰৰ সঞ্চালকপ্ৰধানো উপস্থিত থাকিব। এই বিশেষ অনুষ্ঠানত চি এছ আই আৰ আৰু লঘু উদ্যোগ ভাৰতীৰ মাজত প্ৰযুক্তিৰ আদান-প্ৰদান কৰা হ’ব। বিভাগটোৱে বিভিন্ন কাৰ্যসূচী তথা নিজা গৱেষণা আৰু বিকাশ কেন্দ্ৰ, বৈজ্ঞানিক আৰু ঔদ্যোগিক সংস্থাৰ জৰিয়তে এই ক্ষেত্ৰৰ বিভিন্ন গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত পালন কৰা ভূমিকাক সন্মান জনাই এই অনুষ্ঠানৰ আয়োজন কৰিছে।

অধিক পঢ়ক

সকলো চাওক