ডাউনলোড
মোবাইল এপ

android apple
signal

বেটি বচাও বেটি পঢ়াও অভিযানৰ ১০ বছৰ সম্পূৰ্ণ

বেটি বচাও বেটি পঢ়াও অভিযান ৰূপান্তৰকামী তথা জনসাধাৰণ পৰিচালিত আন্দোলনত পৰিগণিত হৈছে আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে এই অভিযানত ভাগ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বেটি বচাও বেটি পঢ়াও অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে মত প্রকাশ কৰি শ্ৰী মোদীয়ে আজি কয় যে এই আন্দোলনে লিংগ বৈষম্য দূৰ কৰাত সহায় কৰিছে আৰু কন্যা শিশুৰ বাবে শিক্ষা আৰু সপোন বাস্তবায়িত কৰাৰ সুযোগ নিশ্চিত কৰাৰ উদ্দেশ্যে সঠিক বাতাৱৰণ সৃষ্টি কৰিছে। তেওঁ লগতে কয় যে এই অভিযানৰ ৰূপায়ণৰ পাছৰে পৰা ঐতিহাসিকভাৱে নিম্ন শিশু-লিংগ অনুপাত থকা জিলাসমূহত যথেষ্ট উন্নতি হৈছে। সজাগতা অভিযানে লিংগ সমতাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰিবলৈ সমৰ্থ হৈছে বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে । তেওঁ এই ক্ষেত্ৰত লাভ কৰা উল্লেখনীয় সাফল্যৰ বাবে জনসাধাৰণ আৰু সমাজ সেৱা সংস্থাসমূহৰ নিষ্ঠাপূর্ণ প্ৰচেষ্টাৰ শলাগ লয়। এই আন্দোলনক তৃণমূল পৰ্যায়ত সক্ৰিয় কৰি তোলা সকলোপক্ষকে তেওঁ ভূয়সী প্রসংশা কৰে৷

শ্রী মোদীয়ে কন্যা শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ, তেওঁলোকৰ শিক্ষা নিশ্চিত কৰিবলৈ আৰু কন্যা শিশুসকলে কোনোধৰণৰ ভেদ-ভাৱ অবিহনে প্ৰগতি কৰিব পৰা এখন সমাজ গঢ়ি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক