বেংগালুৰুৰ কোৰামংগালা ইন্দোৰ ষ্টেডিয়ামত আজিৰেপৰা চিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতা আৰম্ভ হ’ব। দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ মল্লযোদ্ধাসকলে এই প্রতিযোগিতাত ভাগ ল’ব। এই প্ৰতিযোগিতাত দেশৰ ২৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে অংশগ্রহণ কৰিব। সমগ্ৰ দেশৰ ৭০০তকৈও অধিক প্রতিযোগীয়ে এই প্রতিযোগিতাত ভাগ ল’ব। হাৰিয়ানাৰ ২৮ গৰাকী মল্লযোদ্ধাই বিভিন্ন শাখাত প্রতিদ্বন্দ্বিতা আগবঢ়াব। আয়োজক ৰাজ্য কৰ্ণাটকৰ ৩২ গৰাকী খেলুৱৈয়ে ভাগ ল’ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা উল্লেখযোগ্য খেলুৱৈসকলৰ ভিতৰত ২৩ বছৰ অনুৰ্ধৰ এছিয়ান চেম্পিয়নশ্বিপত স্বর্ণপদক বিজয়ী মণিপুৰৰ ৱাই মিনাক্ষী দেৱী, হাৰিয়ানাৰ জ্যোতি, অর্জুন বঁটাপ্ৰাপক তথা এছিয়ান গেমৰ পদক বিজয়ী হাৰিয়ানাৰ সুনীল দবাৰপুৰিয়া অন্যতম।
Site Admin | December 6, 2024 12:57 PM | Akashvani
বেংগালুৰুৰ কোৰামংগালা ইন্দোৰ ষ্টেডিয়ামত আজিৰেপৰা চিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতা আৰম্ভ
