ডাউনলোড
মোবাইল এপ

android apple
signal

বেংগালুৰুত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন উপৰাষ্ট্ৰপতি ধনখড়ৰ

দেশত পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্বচ্ছতা ৰক্ষা কৰা আৰু জনসাধাৰণৰ প্ৰতি জবাবদিহি হোৱাটোৱে যথেষ্ট নহয় বৰং এই প্রক্রিয়াসমূহ নিকা যেন লগাটোও অত্যন্ত প্রয়োজন। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি বেংগালুৰুত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি এই মন্তব্য কৰে। তেওঁ কয় যে কাৰ্যপালিকাৰ প্ৰভাৱৰ পৰা মুক্ত তথা ব্যক্তিগত স্বার্থ পূৰণ, স্বজনতোষণ আৰু পক্ষপাতিত্বৰ পৰা মুক্ত এখন স্বতন্ত্র আয়োগ গঠন কৰাটো প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ লক্ষ্য আছিল। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে,একাংশ আমোলা আৰু ৰাজনীতিবিদৰ পত্নীয়ে উৎকৃষ্ট পদ লাভ কৰাৰ অসাধু পৰম্পৰাক লৈ উদ্বেগ প্রকাশ কৰে।তেওঁ অৱসৰৰ পাচতো নিযুক্তি আৰু চাকৰিৰ ম্যাদ বৃদ্ধিৰ দ্বাৰা এই সমস্যাৰ সমাধানৰ পোষকতা কৰে। তেওঁ নিযুক্তি প্ৰক্ৰিয়াৰ ব্যাপক পৰিৱৰ্তনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আগশাৰীৰ ৫০০ টা কোম্পানীয়ে যোগ্য প্রার্থী বানিৰ বাবে উত্তম আৰু অত্যাধুনিক পদ্ধতিৰ ব্যৱহাৰ কৰে বুলি কৈ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এনে পৰিস্থিতিত চৰকাৰী নিযুক্তিদাতাসকল আওপুৰণি ব্যৱস্থা গ্ৰহণ কৰি পুৰণিকলীয়া হৈ থাকিব নোৱাৰে। প্ৰতিভা সন্ধানৰ উত্তম পদ্ধতিসমূহ বুজিবলৈ আৰু ৰাজ্যিক আয়োগসমূহে এনে পদ্ধতিৰ অনুকৰণ কৰিব পৰাকৈ ব্যক্তিগত খণ্ডৰ সৈতে প্ৰয়োজন হ’লে আলোচনা কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়। তেওঁ লোকসেৱা আয়োগসমূহক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সমন্বয় সাধন কৰিব পৰাকৈ একমাত্র ঐক্যবদ্ধ নিযুক্তি কর্তৃপক্ষ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তোলাৰ দৃষ্টিভংগীৰে কাম কৰিব পৰাকৈ স্বচ্ছ আৰু প্ৰযুক্তিগতভাৱে সমৃদ্ধ আমোলাতন্ত্ৰৰ পোষকতা কৰে।

অধিক পঢ়ক

সকলো চাওক