ডাউনলোড
মোবাইল এপ

android apple
signal

November 24, 2024 7:31 PM | Lachit Borphukan

printer

বীৰ লাচিত বৰফুকনৰ ৪০২ বছৰীয়া জয়ন্তী পালন 

বীৰ লাচিত বৰফুকনৰ ৪০২ বছৰীয়া জয়ন্তী উপলক্ষে আজি বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ নতুন দিল্লীত থকা চৰকাৰী বাসভৱনত আজি এই দিৱস উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰী সোণোৱালে এই কাৰ্যসূচীত অংশ লৈ কয় যে দেশৰ ইতিহাসৰ এগৰাকী প্ৰবাদ প্রতীম মহাবীৰ লাচিত বৰফুকনৰ শৌর্য বীর্য, অদম্য শক্তি, সাহস আৰু বীৰত্বৰ কাহিনীয়ে দেশবাসীক অনুপ্ৰেৰণা যোগাই আহিছে। শক্তিশালী, সমৃদ্ধিশালী, আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াৰ দিশত লাচিত বৰফুকনৰ স্বদেশ-স্বজাতিৰ প্ৰতি থকা অতুলনীয় দায়বদ্ধতা জনসাধাৰাণৰ বাবে আদৰ্শ হৈ ৰব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীৱ সান্যালৰ উপৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

 অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা প্রশাসন, আহোম জাতীয় গণ মঞ্চ আৰু বৃহত্তৰ পথালিবাম অঞ্চলৰ ৰাইজৰ সহযোগত পথালিবামত কেন্দ্ৰীয়ভাৱে লাচিত দিৱসৰ আয়োজন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰামেশ্বৰ তেলীয়ে বীৰ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যপন আৰু বন্তি প্ৰজ্বলন কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু যোগেন মহনৰ উপৰি কেইবাগৰাকীও বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।  যোৰহাটৰ হোলোঙাপাৰত থকা লাচিত বৰফুকনৰ মৈদামত আজি বীৰ গৰাকীৰ জয়ন্তী উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়ববীয়া সকলে বীৰ গৰাকীক স্মৰণ কৰে। শিৱসাগৰতো আজি বিস্তৃত কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হয়। বীৰ গৰাকীৰ জন্মস্থান শিৱসাগৰ জিলাৰ হাঁহচৰা শুকতি আলিত আজি লাচিত বৰফুকন জন্মস্থান সংৰক্ষণ সমিতিৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, স্মৃতি তৰ্পন আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হয়। জিলাখনৰ ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি, লাচিত সেনা, টাই আহোম যুৱ পৰিষদ, হিন্দু জাগৰণ অসম আদি সংগঠনেও এই দিৱস পালন কৰে। মৰিগাওঁ চহৰৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়াম প্ৰাঙ্গনত লাচিত দিৱস উপলক্ষে সংগীতানুষ্ঠান আৰু মুকলি সভাৰ আয়োজন কৰা হয়। শুৱালকুছিৰ বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু ইতিহাস বিভাগৰ যৌথ উদ্যোগত আজি লাচিত দিৱসৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ নিহাৰ ৰঞ্জন কলিতা আৰু উপাধ্যক্ষ ড০ যোগেশ ডেকাৰ লগতে কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক