মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কালি জনতা ভৱনত বি টি আৰৰ বিভিন্ন বিষয় সম্পর্কে আলোচনা কৰাৰ উদ্দেশ্যে বি টি আৰ প্ৰশাসন, সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ২০২০ বৰ্ষত অসম চৰকাৰৰ সৈতে হোৱা নিষ্পত্তিৰ চুক্তি অনুসৰি বি টি আৰত ৰূপায়ণ হৈ থকা বিভিন্ন প্রকল্প সম্পর্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বি টি আৰত নতুন গাঁৱৰ অন্তর্ভুক্তি, প্রাক্তন উগ্ৰপন্থীসকলৰ পুনৰ সংস্থাপন, ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত বসবাস কৰা বড়োসকলক অনুসূচিত জনজাতি হিচাপে সংৰক্ষণ, বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ তথা সুকীয়া সঞ্চালকালয়কে ধৰি বিভিন্ন কামৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। তেওঁ লগতে বি টি আৰৰ বিশেষ উন্নয়নমূলক প্ৰকল্পৰ অধীনৰ সকলো কাম সম্পূৰ্ণ কৰাৰ বাবে খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। আনহাতে, মুখ্যমন্ত্ৰীয়ে বৈঠকত বি টি আৰলৈ অথবা বি টি আৰৰ পৰা অন্য প্ৰান্তলৈ বিভিন্ন বিষয়া-কৰ্মচাৰীৰ বদলি, অনুমোদন থকা খালী পদ পূৰ্ণ, নতুন পদ সৃষ্টি আদি বিষয় সম্পর্কেও আলোচনা কৰে। তেওঁ লগতে শেহতীয়াকৈ কোকৰাঝাৰত কৰা ঘোষণা অনুসৰি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ গুৰুধাম নিৰ্মাণ, ৰৌমাৰীস্থিত জ্যোতি আশ্ৰম, ব্ৰহ্মধৰ্মৰ যজ্ঞশালা নিৰ্মাণ আদিৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াবলগীয়া প্ৰয়োজনীয় পুঁজিৰ অনুমোদন জনায়।
Site Admin | July 7, 2024 11:20 AM | Assam CM with BTR