কংগ্ৰেছৰ শীৰ্ষ নেতা আৰু সম্বলৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই উত্থাপন কৰা অভিযোগক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ আগেয়ে হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভা ২ বজা পর্যন্ত স্থগিত ৰখাৰ পাছত পুনৰ ৩ বজাত সদন মিলিত হয় আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে’লৱে সংশোধিত বিধেয়ক ২০২৪ৰ ওপৰত হোৱা বিতৰ্কৰ উত্তৰ দিবলৈ চেষ্টা কৰে। কিন্তু বিৰোধী পক্ষৰ সাংসদসকলৰ ধাৰাবাহিক বিৰোধ আৰু হুলস্থূলীয়া পৰিৱেশৰ বাবে সদন দিনটোৰ বাবে স্থগিত কৰা হয়। শূন্যকালত ফ্ৰান্সৰ এটা প্ৰকাশনৰ প্ৰতিবেদনৰ উদ্ধৃতি দি শ্ৰী ডুবেই কয়, যে এনেধৰণৰ শক্তিসমূহে দেশৰ সংসদ আৰু অৰ্থ ব্যৱস্থাৰ উন্নয়নৰ গতি বিঘ্নিত কৰাৰ বাবে চেষ্টা চলাই আছে। তেওঁ লগতে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ একাংশ নেতাই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এনেধৰণৰ প্ৰতিবেদন পোষ্ট কৰা বুলি অভিযোগ তোলে। ইয়াৰ পাছতে কংগ্ৰেছ, ডি এম কে আৰু অন্য দলৰ সদস্যসকলে এটা আগশাৰীৰ ব্যৱসায় গোষ্ঠীৰ উৎকোচ কাণ্ড আৰু সম্বলৰ হিংসাৰ ঘটনাক লৈ সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।
ৰাজ্যসভাতো ফৰাচী প্ৰকাশনৰ প্ৰতিবেদনৰ বিষয়টো উত্থাপন কৰা হয়। শূন্যকালত বিজেপি সাংসদ সুধাংশু ত্রিবেদীয়ে বিষয়টো উত্থাপন কৰি বিদেশৰ পৰা ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিৰুদ্ধে সন্দেহজনক আক্ৰমণৰ অভিযোগ তোলে। তেওঁ কয়, যে যোৱা তিনিটা বছৰত সংসদৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সময়তে এনেধৰণৰ প্ৰতিবেদন প্ৰকাশ পোৱা পৰিলক্ষিত হৈ আহিছে। সাংসদগৰাকীয়ে লগতে কয়, যে ভাৰতে বিকশিত ভাৰত গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ পাছৰে পৰা দেশৰ অৰ্থ ব্যৱস্থা, নৈতিকতা আৰু সামাজিক দিশক লক্ষ্য কৰি বিদেশৰ পৰা ভালেমান কাম-কাজ চলোৱা দেখা গৈছে। শ্রী ত্রিবেদীয়ে বিষয়টো উত্থাপন কৰাৰ সময়ত উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ে বিষয়টো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে আৰু সাংসদগৰাকীক নিৰ্ধাৰিত সময়ৰ উপৰি বক্তব্য ৰখাৰ অনুমতি প্রদান কৰে। বিৰোধী পক্ষৰ সাংসদসকলে সভাপতিৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে। সভাপতিয়ে বিৰোধী পক্ষৰ সাংসদসকলকো বক্তব্য ৰখাৰ অনুমতি প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে যদিও বিৰোধী সাংসদসকল শান্ত নোহোৱাত সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। বৰ্তমান ৰাজ্যসভাৰ কাৰ্যক্ৰমণিক অব্যাহত আছে।
Site Admin | December 5, 2024 8:23 PM | Parliament House | Parliament Session