ডাউনলোড
মোবাইল এপ

android apple
signal

May 27, 2024 7:59 PM

printer

বিহাৰৰ ৮টা সংসদীয় সমষ্টিত নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ অভিযান তীব্ৰতৰ

বিহাৰত এন ডি এ নেতা মহামিত্ৰজোট আৰু অন্যান্য ৰাজনৈতিক দলৰ নেতাসকলে নির্বাচন হ’বলগীয়া ৰাজ্যখনৰ ৮ টা সংসদীয় সমষ্টিত নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। এই সমষ্টিকেইটাত অহা পহিলা জুনত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে আজি খুছৰুপুৰত পাটনাশ্বাহিব সমষ্টিত এখন জনসভাক সম্বোধন কৰি কয় যে, এন ডি এ চৰকাৰে প্ৰতিবছৰে ২ কোটি যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদানত ব্যৰ্থ হৈছে। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তেওঁৰ চৰকাৰৰ প্ৰতিবেদনত এই বিষয়টো সন্দৰ্ভত উত্তৰ দিয়া উচিত। কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় যে, বিমুদ্ৰাকৰণ আৰু সামগ্ৰী আৰু সেৱা কৰৰ প্ৰৱৰ্তনে চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ লগতে ভাৰতীয় সেনা বাহিনীত নিয়োগৰ সুবিধা বন্ধ কৰিছে। আৰ জে ডিৰ নেতা তেজশ্বী প্ৰসাদ যাদৱে আজি ঘোশ্বিত জাহানাবাদ সংসদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ এখন জনসভাত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি শ্রীযাদৱে এইবুলি অভিযোগ কৰে যে, বিজেপিয়ে সংৰক্ষণ আৰু সংবিধানৰ পৰিসমাপ্তি ঘটাব বিচাৰিছে। শ্ৰীযাদৱে লোকসভা নির্বাচন হৈছে গণতন্ত্ৰ ৰক্ষা কৰাৰ হকে ৰাজনৈতিক যুঁজ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে আজি পাটনাৰ মনেৰত পাতলীপুত্ৰ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ এখন জনসভাত ভাগ লয়। অন্যান্য দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলেও ভোটদাতা ৰাইজৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে।

অধিক পঢ়ক

সকলো চাওক