বিহাৰৰ বেগুচৰাই জিলাৰ এফ চি আই আৰক্ষী থানাৰ অধীনৰ ৰতন চ’ক চহৰৰ সমীপত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা হোৱা এটা পথ দুৰ্ঘটনাত ৫ জন লোক নিহত হয় আৰু অন্য চাৰিজন আহত হয়। এখন মটৰ গাড়ীয়ে অট’ৰিক্সাত খুন্দা মৰাৰ ফলতে এই ঘটনাটো ঘটে। দুর্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইজন লোক অট’ৰিক্সাৰ যাত্ৰী আছিল ৷ দুৰ্ঘটনাত আহত চাৰিওজন লোকক বেগুচৰাইৰ এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Site Admin | July 9, 2024 7:36 PM | Bihar Accident
বিহাৰৰ বেগুচৰাইত হোৱা পথ দুৰ্ঘটনাত ৫ জন লোক নিহত
