বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ দেহাৱসান

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। বিজেপিৰ জ্যেষ্ঠ নেতাসকলে সুশীল কুমাৰ মোদীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবাৰ্তাত কয় যে, সুশীল কুমাৰ মোদীয়ে বিহাৰত বিজেপিৰ উত্থান আৰু সাফল্যত অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। প্রধানমন্ত্রীয়ে কয় যে, নেতাগৰাকীয়ে জৰুৰীকালীন অৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি ছাত্ৰ ৰাজনীতিত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ৰাজনীতিৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত প্ৰয়াত সুশীল কুমাৰ মোদীৰ গভীৰ জ্ঞান আছিল বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে, নেতাগৰাকীয়ে প্ৰশাসক হিচাপে ভালেমান উল্লেখনীয় কাম কৰি থৈ গৈছে আৰু জি এছ টি বিধেয়ক গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁৰ সক্ৰিয় ভূমিকাৰ কথা সদায় স্মৰণ কৰা হ’ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে তেওঁৰ শোকবার্তাত কয় যে, সুশীল কুমাৰ মোদীৰ বিয়োগত বিহাৰে চিৰকালৰ বাবে এগৰাকী মহান নেতাক হেৰুৱালে। শ্ৰীশ্বাহে কয় যে, প্রয়াত নেতাগৰাকীৰ ৰাজনীতি দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ প্ৰতি উৎসৰ্গিত আছিল। সুশীল কুমাৰ মোদীৰ বিয়োগত বিহাৰৰ ৰাজনীতিত সৃষ্টি হোৱা শূন্যতা বহুদিনলৈ পূৰণ কৰিব পৰা নাযাব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এটা বার্তাত কয় যে প্ৰয়াত নেতাগৰাকীয়ে সমগ্ৰ জীৱন বিহাৰৰ নামত উৎসৰ্গা কৰি থৈ গৈছে আৰু তেওঁৰ প্ৰয়াসে ৰাজ্যখনক উন্নয়নৰ পথত অগ্ৰসৰ হোৱাত সহায় কৰিছে। সুশীল কুমাৰ মোদীৰ বিয়োগ বিজেপিৰ অগণন কৰ্মীৰ অপূৰণীয় ক্ষতি বুলি শ্ৰীনাড্ডাই মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক