October 17, 2024 7:55 PM | Bihar

printer

বিহাৰৰ ছিৱান আৰু ছাৰন জিলাত বিষাক্ত সুৰা পানৰ ফলত কমেও ২৪ জন লোকৰ প্রাণহানি

বিহাৰৰ ছিৱান আৰু ছাৰন জিলাত বিষাক্ত সুৰা পান কৰাৰ ফলত কালি কমেও ২৪ জন লোকে প্রাণ হেৰুৱায় আৰু ১৫ জন গুৰুতৰভাৱে অসুস্থ হৈ পৰে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে ছিৱানত ২০ জন আৰু ছাৰন জিলাত ৪ জন লোকে প্ৰাণ হেৰুৱায়। মৃত লোককেইজন ভগলপুৰহাট আৰু মছৰখ আৰক্ষী থানা এলেকাৰ অধীনৰ বিভিন্ন গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ কেইবাটাও দলে প্রভাৱিত এলেকাত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক