March 29, 2024 10:01 PM | Lok Sabha Election

printer

বিহাৰত বিৰোধী মহা মিত্ৰজোঁটৰ ৪০টা সংসদীয় সমষ্টিৰ বাবে কংগ্ৰেছ, RJD আৰু বাঁওদলৰ মাজত আসনৰ ভাগ-বাটোৱাৰা

বিহাৰত বিৰোধী মহা মিত্ৰজোঁটে আজি ৪০টা সংসদীয় সমষ্টিৰ বাবে কংগ্ৰেছ, RJD আৰু বাঁওদলসমূহৰ মাজত আসনৰ ভাগ-বাটোৱাৰাৰ বিষয়ে ঘোষণা কৰিছে। এই ভাগ-বাটোৱাৰাৰ চুক্তি অনুসৰি লালু প্ৰসাদ নেতৃত্বাধীন RJD-এ ২৬ খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ৯ খন আসনৰ বাবে প্ৰাৰ্থী থিয় কৰোৱাব। ৫ খন আসনত বাঁওদলসমূহৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । ইপিনে, CPI-ML-এ ৩ খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ লগতে CPI-M আৰু CPI-এ এখনকৈ আসনত প্রার্থী দিব। পাটনাত আজি এখন যুটীয়া সংবাদমেল সম্বোধন কৰি মহা মিত্ৰজোঁটৰ নেতাসকলে এই আসন বুজাবুজিৰ বিষয়ে ঘোষণা কৰে। কেইখনমান আসনৰ বাহিৰে কংগ্ৰেছ আৰু RJD-এ ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আসনকেইখনতেই এইবাৰো প্ৰাৰ্থী থিয় কৰোৱাব। আসন ভাগ-বাটোৱাৰাৰ চূড়ান্ত সিদ্ধান্ত অনুসৰি RJD-এ চাৰণ, পাটলিপুত্ৰ, বাক্সাৰ, উজিয়াৰপুৰ, জাহানাবাদ, দৰভাংগা, বাংকা আৰু আৰাৰিয়াৰ আসনকেইখনত প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ উপৰি দলটোৱে মুংগেৰ, সীতামৰ্হি, মধুবাণী, শিৱান, বৈশালী, হাজিপুৰ, ছুপৌল, বাল্মিকী নগৰ, পূব চম্পাৰণ, পূর্ণিয়া, মাধেপুৰা আৰু গোপালগঞ্জ লোকসভা আসনকেইখনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। প্ৰথম পৰ্যায়ৰ বাবে ২৬ খন আসনৰ ভিতৰত RJD-এ ইতিমধ্যে ঔৰংগাবাদ, নবাদা, জামুই আৰু গয়া- এই চাৰিখন লোকসভা আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে।

অধিক পঢ়ক

সকলো চাওক