বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া আসন্ন উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰী পীযূষ হাজৰিকাই বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।

ইয়াৰ লগতে তেওঁ চামগুৰি সমষ্টিৰ বিজেপিৰ মনোনীত প্রার্থী দিল্লুৰঞ্জন শৰ্মাৰ হৈও প্ৰচাৰত অংশ লয়। ইপিনে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি ছিদলী সমষ্টিৰ মনোনীত প্রার্থী সঞ্জীৱ ৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ মাজতে তেওঁ বহুকেইটা অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰে। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে চামগুৰি সমষ্টিৰ প্ৰাৰ্থী তানজিল হুছেইনৰ হৈ প্ৰচাৰ চলায়। উল্লেখযোগ্য যে ৫টা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনৰ বাবে ৩৮ গৰাকী প্রার্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰিছে।