প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, Sickle cell ৰক্তাল্পতা ৰোগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ চৰকাৰে প্ৰযুক্তিৰ সামৰ্থ ব্যৱহাৰ কৰিছে। বিশ্ব Sickle cell ৰক্তাল্পতা দিৱস উপলক্ষে শ্রীমোদীয়ে এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত তেওঁ কয় যে, কেন্দ্ৰই ৰাষ্ট্ৰীয় Sickle cell ৰক্তাল্পতা দূৰীকৰণ অভিযান মুকলি কৰাৰ লগতে এই ৰোগৰ সাৰ্বজনীন পৰীক্ষা, শীঘ্ৰে নির্ণয়, সঠিক যত্ন, তথা সজাগতা সৃষ্টিকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত কাম কৰি আছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কয় যে চৰকাৰে ৰক্তাল্পতাত ভূগি থকা লোকসকলৰ উন্নতমানৰ যত্ন লোৱা, তেওঁলোকৰ বাবে সুলভ চিকিৎসা সুনিশ্চিত কৰা তথা শীঘ্ৰে ৰোগ চিনাক্তকৰণকে ধৰি বিভিন্ন দিশত গুৰুত্ব আৰোপ কৰিছে।
Site Admin | June 19, 2024 9:00 PM | Sickle Cell Day