ডাউনলোড
মোবাইল এপ

android apple
signal

বিশ্ব যুৱ দক্ষতা দিৱসত কেন্দ্রীয় মন্ত্ৰী জয়ন্ত চৌধুৰীৰ অংশগ্ৰহণ

কেন্দ্রীয় দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কৈছে যে, দক্ষতা ভাৰত আঁচনিৰ অধীনত এতিয়ালৈকে দেশৰ ১ কোটি ৪৬ লাখৰো অধিক লোকৰ বিভিন্ন বিভাগত দক্ষতা বিকশাই তোলা হৈছে। বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত অনুষ্ঠানত শ্ৰীচৌধুৰীয়ে কয় যে, ১০ বছৰৰ পূৰ্বে আমাৰ দেশত দক্ষতা বিকাশ আৰু উদ্যমিতাৰ ক্ষেত্ৰখনৰ বাবে এটা সুকীয়া মন্ত্ৰালয় গঠন কৰা হৈছিল আৰু তাৰ পিছৰে পৰা এই ক্ষেত্ৰখনত দেশে এটা বিশেষ যাত্ৰা অতিক্ৰম কৰিবলৈ সমৰ্থ হৈছে। যোৱা ১০ টা বছৰৰ সাফল্যৰ পৰা লাভ কৰা শিক্ষা আৰু অভিজ্ঞতাৰে পুষ্ট তেওঁৰ মন্ত্ৰালয়ে দেশক ২০৪৭ চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ যাত্ৰাত সম্ভৱপৰ সকলো ধৰণৰ অৰিহণা যোগাব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়। এইবছৰৰ বিষয়বস্তু শান্তি আৰু বিকাশ বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত শ্রীচৌধুৰীয়ে দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰা যুৱক-যুৱতীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰশিক্ষকসকলক সম্বর্ধনা জ্ঞাপন কৰে। 0000 কে পি শর্মা অ’লীয়ে আজি নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। তেওঁৰ লগতে নকৈ গঠিত মিত্রজোটৰ ৪ টা দলৰ ২১ গৰাকী মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে। কাঠমাণ্ডুৰ ৰাষ্ট্ৰপতি ভৱনৰ শীতল নিবাসত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পাউড়েলে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় । অ’লী নেতৃত্বাধীন কেবিনেটত বর্তমান এন চি, ইউ এম এল, জনতা সমাজবাদী পার্টি আৰু লোকতান্ত্রিক সমাজবাদী পার্টিৰ মন্ত্ৰীসকল অন্তর্ভুক্ত হৈছে। নেপালী কংগ্ৰেছ দলৰ প্ৰকাশ মানসিং আৰু চি পি এন-ইউ এম এল দলৰ বিষ্ণুপ্ৰসাদ পাউড়েলক উপ প্রধানমন্ত্ৰী হিচাপে নিয়োগ কৰা হৈছে। শপতগ্ৰহণ অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি ৰাম ছাহায়া প্ৰসাদ যাদৱ, প্রাক্তন প্রধানমন্ত্রী তথা নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবা, প্রাক্তন প্রধানমন্ত্রী পুষ্প কমল দাহাল প্রচণ্ডকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কে পি শর্মা অ’লীক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রীমোদীয়ে এটা বাৰ্তাত কয় যে, তেওঁ ভাৰত আৰু নেপালৰ মাজৰ বন্ধুত্বক দৃঢ়তৰ কৰি তোলাৰ লগতে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব। আনহাতে, বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজু ৰানা দেউবাক নেপালৰ বিদেশ মন্ত্ৰীৰূপে নিযুক্তি লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। এটা বাৰ্তাত ড০ জয়শংকৰে নেপালৰ নৱ নিযুক্ত বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে দুয়োখন দেশৰ বহুমুখী অংশীদাৰিত্ব আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত একেলগে কাম কৰি যোৱাৰ আশা প্ৰকাশ কৰে ৷

অধিক পঢ়ক

সকলো চাওক