বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ নতুন দিল্লীত টেলি-মানস এপ আৰু ভিডিঅ’ কলৰ সুবিধা মুকলি

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীত টেলি-মানস এপ আৰু ভিডিঅ’ কলৰ সুবিধা মুকলি কৰে। একেটা অনুষ্ঠানতে বিশ্ব স্বাস্থ্য সংস্থাৰ টেলি-মানস মূল্যায়ন প্রতিবেদন আৰু কৰ্মচাৰীসকলৰ বাবে আত্মযতন মডিউলো মুকলি কৰা হয়। মানসিক স্বাস্থ্য আৰু কৰ্মস্থলীৰ মাজৰ গুৰুত্বপূৰ্ণ সংযোগ সন্দৰ্ভত আলোকপাত কৰি এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে— কৰ্মস্থলীত মানসিক স্বাস্থ্য। মন্ত্ৰ্যালয়ে লগতে টেলি-মানস হেল্পলাইনৰ দ্বিতীয় বৰ্ষপূর্তিও উদযাপন কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰাধনা পাটনায়কে কৰ্মস্থলীত মানসিক হেঁচাৰ সমস্যাৰ সমাধানৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে, কৰ্মজীৱনৰ ভাৰসাম্যতাই কৰ্মস্থলীত মানসিক চাপ দূৰ কৰাৰ ক্ষেত্ৰত বিশেষ প্রভাব পেলাব পাৰে। মানসিক চাপত থকা লোকসকলৰ বাবে প্ৰতিকাৰমূলক পাঠ্যক্ৰম, সুকৰ্মসংস্কৃতি আৰু পৰিয়ালৰ সহায়-সহযোগিতা অত্যন্ত প্রয়োজন বুলি তেওঁ উল্লেখ কৰে। টেলি-মানস এপ সন্দৰ্ভত অতিৰিক্ত সচিবগৰাকীয়ে কয় যে, এয়া হৈছে চৰকাৰৰ এটা অন্যতম বৈপ্লবিক উদ্যম, যি দ্রুত হাৰত সম্প্ৰসাৰণ হৈ আছে। অনুষ্ঠানত বিশ্ব স্বাস্থ্য সংস্থাৰ ভাৰতত থকা প্ৰতিনিধি ড০ ৰোডেৰিকো এইছ অফৰিনে কয় যে, বিশ্ব জনসংখ্যাৰ আনুমানিক ৬০ শতাংশই মানসিক হেঁচাৰ সমস্যাৰ সন্মুখীন হৈছে। মানসিক স্বাস্থ্যৰ প্ৰত্যাহ্বানসমূহ বৃদ্ধি পাই থকা বিষয়টো লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক