ব্রুনেইৰ বন্দৰ চেৰী বেগাৱনত অনুষ্ঠিত বিশ্ব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত ভাৰতীয় দলটোৱে দুটা সোণৰ পদককে ধৰি মুঠ ৭টা পদক অৰ্জন কৰিছে। এই প্ৰতিযোগিতাত ভাৰতে দুটা সোণ, এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতৰ আয়ানে ল’ৰাৰ গ্ৰুপ জুনিয়ৰৰ ৪৮ কিলোগ্রাম ওজন শাখাত চীনৰ গং হুৱানৰণক পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰে। ল’ৰাৰ ৪৮ কিলোগ্রাম ওজন শাখাত ভাৰতৰ সূৰ্যই ইৰানৰ প্ৰতিদ্বন্দ্বী অলিজো জমানিক হৰুৱাই দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰে। আনহাতে, নাং মিংবি বৰফুকনে ৰূপৰ পদক অৰ্জন কৰে। ইপিনে, ৫৬ কিলোগ্রাম ওজন শাখাত তানিশ্ব নাগৰ, ৬০ কিলোগ্রাম ওজন শাখাত দিব্যাংশী আৰু ৪২ কিলোগ্রাম ওজন শাখাত য়ুৱৰাজে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। প্ৰতিযোগিতাত ভাৰতৰ ২৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল৷
Site Admin | September 30, 2024 12:38 PM