আজি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গোলাঘাট জিলাত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। গোলাঘাট নগৰৰ বেঙেনাখোৱাৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত দিৱসৰ সৈতে সংগতি ৰাখি পৰিয়াল পৰিকল্পনা পষেক আয়োজিত হয়। পষেক উপলক্ষে অনুষ্ঠিত সভাত পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব আৰু জনসংখ্যাৰ বোধ সন্দৰ্ভত আলোচনা আয়োজিত হয়। সভাত চিকিৎসক ৰঞ্জিত ভূঞাই পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব আৰু জনসংখ্যা বোধৰ বাবে আশাকৰ্মীসকলৰ কৰণীয় সন্দৰ্ভত মতামত আগবঢ়ায়। সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান গোলাঘাটৰ জিলা আঁচনি প্ৰবন্ধক অনুষ্কা বৰাই উপযুক্ত সময়ত বিবাহ আৰু গৰ্ভধাৰণৰ প্ৰয়োজন সন্দৰ্ভত ৰাইজক অৱগত কৰে। সভাখনত সাৰথি বাহন মুকলি কৰা হয়। নগাঁও জিলাতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব জনসংখ্যা দিৱস উদযাপন কৰা হয় । নগাঁও জিলা স্বাস্থ্য বিভাগৰ লগতে আই পাছ, জিলা আইন সেৱা প্ৰাধিকাৰীৰ সহযোগত বুঢ়াগোহাঁই থান স্বাস্থ্যকেন্দ্ৰত এই দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত উৎকৃষ্ট প্রদর্শন কৰা তিনিগৰাকী আশাকর্মীক বিশেষ বঁটা প্রদান কৰা হয়।
উল্লেখযোগ্য যে, জনসংখ্যা বৃদ্ধিৰ ফলত অহা প্ৰত্যাহ্বানসমূহ আৰু সুবিধাসমূহক প্রতিফলিত কৰি প্রতিবছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। বহনক্ষম ভৱিষ্যতৰ বাবে কাম কৰা আৰু জনসংখ্যা বৃদ্ধি লগত জড়িত বিষয়সমূহৰ ক্ষেত্ৰত মোকাবিলা কৰাৰ বাবে প্ৰতিবছৰে এই জনসংখ্যা দিৱস পালন কৰা হয় ৷ জনসংখ্যাৰ বিষয়সমূহৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ দিয়াৰ উদ্দেশ্যে ১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰ প্রশাসনীয় পৰিষদে উন্নয়ন আঁচনিৰ অধীনত এই দিৱস আৰম্ভ কৰিছিল। ১৯৯০ চনত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই জনসংখ্যাৰ সমস্যাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি ইয়াৰ লগত পৰিৱেশ আৰু উন্নয়নৰ মাজৰ সম্পৰ্কক প্রতিফলিত কৰি প্ৰতিবছৰে বিশ্ব জনসংখ্যা দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৯০ চনৰ ১১ জুলাইত ৯০ খনৰো অধিক দেশত প্ৰথমবাৰৰ বাবে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। এইবেলি বিশ্ব জনসংখ্যা দিৱসৰ মূল বিষয়বস্তু হৈছে-‘কাকো বাদ নিদিয়াকৈ সকলোকে গণনা কৰা’।
Site Admin | July 11, 2024 8:32 PM | Assam | Golaghat | Population Day