June 16, 2024 1:50 PM | Euro Cup 2024

printer

বিশ্ব চেম্পিয়ন স্পেইন আৰু ইটালীৰ ইউৰো কাপ ফুটবল প্ৰতিযোগিতাত জয়ৰে অভিযান আৰম্ভ

দুই বিশ্ব চেম্পিয়ন স্পেইন আৰু ইটালীয়ে চলিত ইউৰো কাপ ফুটবল প্ৰতিযোগিতাত জয়ৰে অভিযান আৰম্ভ কৰিছে। জার্মানীত চলি থকা প্ৰতিযোগিতাখনৰ যোৱা নিশা অনুষ্ঠিত প্ৰথমখন খেলত স্পেইনে ৩-০ গ’লৰ ব্যৱধানত ক্ৰ’ৱেছিয়াক পৰাস্ত কৰে। গ্ৰুপ-বিৰ খেলখনৰ তিনিওটা গলেই খেলৰ প্ৰথমাৰ্ধত হয়। খেলৰ ২৯ মিনিটত আলভাৰ’ মৰাতাই দিয়া গ’লেৰে স্পেইনে অগ্রগতি লোৱাৰ পাছত দলৰ হৈ বাকী দুটা গ’ল খেলৰ ৩২ মিনিটত হাবিয়ান ৰিয়াজ আৰু ৪৫ মিনিটত ডানিয়ে দিয়ে। ইফালে গ্রুপ-বিৰ আন এখন খেলত ইটালীয়ে প্ৰথমে গ’ল খোৱাৰ পাছতো ২-১ৰ ব্যৱধানত আলবানিয়াক পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ-ডি খেলত পোলেণ্ডে নেডাৰলেণ্ডছৰ বিৰুদ্ধে আৰু গ্ৰুপ- প-চিৰ খেলত শ্ল’ভেনিয়াই ডেনমাৰ্কৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক