August 24, 2024 11:52 AM | Indian Wrestling

printer

বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা মল্লযোদ্ধাসকলৰ আধিপত্য অক্ষুন্ন

ভাৰতীয় মহিলা মল্লযোদ্ধাসকলে জর্দানৰ আম্মানত অনুষ্ঠিত ১৭ বছৰৰ অনুৰ্ধৰ বিশ্ব চেম্পিয়নশ্বিপত নিজৰ আধিপত্য অক্ষুন্ন ৰাখি ১৮৫ পইণ্টেৰে দলীয় শিতানত প্ৰথমটো খিতাপ দখল কৰিছে। এই শিতানত জাপানে ১৪৬ পইণ্টেৰে দ্বিতীয় আৰু কাজাখস্তানে ৭৯ পইণ্টেৰে তৃতীয় স্থান লাভ কৰিছে। কাজল প্রতিযোগিতাত দেশৰ হকে স্বর্ণ পদক অৰ্জন কৰা পঞ্চমগৰাকী মহিলা মল্লযোদ্ধা হিচাপে পৰিগণিত হৈছে। কাজলে কালি ৬৯ কিলোগ্রাম ওজন শাখাত ইউক্রেইনৰ আলেকজেণ্ডা ৰয়বকক ৯-২ ফলাফলেৰে পৰাস্ত কৰে। অৱশ্যে দেশৰ আন এগৰাকী মল্লযোদ্ধা শ্রুতিকা পার্টিলে ৪৬ কিলোগ্রাম ওজন শাখাত জাপানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। আনহাতে ৰাজবালাই ৪০ কিলোগ্রাম ওজন শাখাত জাপানৰ মোনাকা উমেকাৱাক ১১-৫ ফলাফলত পৰাভূত কৰি ব্ৰঞ্জৰ পদক হস্তগত কৰাৰ বিপৰীতে মুস্কানে ৫৩ কিলোগ্রাম ওজন শাখাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইচাবেলা গোঞ্জালেচক কাৰিকৰী শ্ৰেষ্ঠত্বৰ ভিত্তিত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযোদ্ধাসকলে ৫টা সোণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ মুঠ ৮টা পদক লাভ কৰিছে। ইয়াৰ বিপৰীতে ভাৰতীয় পুৰুষ মল্লযোদ্ধাসকল ফ্রী ষ্টাইল শিতানত পদক হস্তগত কৰাত ব্যৰ্থ হৈছে। ভাৰতে বৰ্তমানলৈকে প্ৰতিযোগিতাত সৰ্বমুঠ ১০টা পদক লাভ কৰিছে। ইয়াৰ ভিতৰত ভাৰতে গ্রিকো ৰোমান শৈলীত দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে ।

অধিক পঢ়ক

সকলো চাওক