ডাউনলোড
মোবাইল এপ

android apple
signal

September 22, 2024 12:20 PM | World Rhino Day

printer

বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

আজি বিশ্ব গঁড় দিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে আজিৰ দিনটোত গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে বিগত বছৰসমূহত গঁড় সংৰক্ষণৰ প্ৰচেষ্টাৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ প্ৰশংসা কৰে। তেওঁ কয় যে, ভাৰত হৈছে বৃহৎ সংখ্যক এটা খড়্গযুক্ত গঁড়ৰ বিচৰণভূমি আৰু এয়া দেশৰ বাবে অতি গৌৰৱৰ বিষয়। প্রধানমন্ত্ৰীয়ে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ কথা স্মৰণ কৰি সকলোকে কাজিৰঙা ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে যোৱা ৮ আৰু ৯ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্ব গঁড় দিৱসৰ দিনটোত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে । তেওঁ অসমৰ জৈৱ বৈচিত্ৰৰ অমূল্য ৰত্নস্বৰূপ গঁড়ৰ সুৰক্ষা, আৱাসিক এলেকাৰ সম্প্ৰসাৰণ আৰু সামগ্ৰিকভাৱে সংৰক্ষণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব গঁড় দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত দাঁতিকাষৰীয়া ৫ খন জিলা সামৰি বোকাখাটৰ ধনশিৰিমুখ, বিশ্বনাথ সংমণ্ডল আৰু লাওখোৱা বুঢ়াচাপৰিৰ পৰা প্রতিকী গঁড় লৈ শোভাযাত্ৰা উলিওৱা হৈছে। আনহাতে, বিয়লি ৩ বজাৰ পৰা কহৰাৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে বিশ্ব গঁড় দিৱসৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, বৰা, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকিব। অতুল মানাহ ৰাষ্ট্ৰীয় উদ্যানতো বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি বাঁহবাৰী বনাঞ্চলত কিপ দ্যা ফাইভ এলাইভ মূল মন্ত্ৰৰে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সেই অনুসৰি পুৱাৰ ভাগত সজাগতামূলক চাইকেল ৰেলী উলিওৱা হয়। এই কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে জনসাধাৰণক গঁড় সুৰক্ষাৰ ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক