September 29, 2024 11:42 AM | Kaziranaga national park

printer

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাধাৰণ পৰ্যটকৰ বাবে পৰহিলৈ মুকলি

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাধাৰণ পৰ্যটকৰ বাবে পৰহিলৈ মুকলি কৰা হ’ব। ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। প্ৰথম অৱস্থাত পৰ্যটকসকলৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকসকলে হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ বাট-পথসমূহ মেৰামটি কৰাৰ লগতে জীপ চালক সকলকো প্ৰশিক্ষণ প্ৰদান কৰিছে। ইতিমধ্যে কেইবালানিও প্রশিক্ষণ কার্যসূচী সমাপ্ত হৈছে। ১ অক্টোবৰত উদ্যোনখনৰ কাজিৰঙা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়া পাহাৰ বনাঞ্চলৰ কিছু অংশহে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব। বাট-পথৰ মেৰামতি তথা আন আভ্যন্তৰীণ কামসমূহ সম্পূৰ্ণ হোৱাৰ পাছতে হাতী ছাফাৰীৰ লগতে পৰ্যটকৰ বাবে অনুমোদিত সকলো অঞ্চল পর্যটকে ভ্ৰমণ কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক