বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ পাছত চৰাইদেউ মৈদামৰ গৱেষণাত গুৰুত্ব আৰোপ কৰা হ’ব বুলি অসম চৰকাৰৰ প্ৰকাশ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰাৰ পাছত ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে বিভিন্ন শৈক্ষিক প্রতিষ্ঠানৰ সৈতে এই সন্দৰ্ভত গৱেষণা প্ৰক্ৰিয়া আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰা হব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কালি প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত হোৱা আলোচনাত অংশগ্রহণ কৰি ৰাজ্য চৰকাৰৰ প্রত্নতত্ত্ব বিভাগৰ সঞ্চালক ড. দীপিলেখা কুলিয়ে এইদৰে কয়। এই আলোচনাত ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব ৰঞ্জন শৰ্মায়ো অংশগ্ৰহণ কৰে। তেওঁলোকৰ লগতে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিকৰণত বিশেষভাৱে কাম কৰি ৰাজ্য চৰকাৰৰ পৰা কৰ্মশ্ৰী বঁটা লাভ কৰা প্রত্নতত্ত্ব বিভাগৰ উপ সঞ্চালকদ্বয় নৱজিত দেউৰী আৰু চাবিনা হাচানেও এই আলোচনাত অংশগ্ৰহণ কৰে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদামক অন্তৰ্ভুক্তিৰ বাবে চৰাইদেউবাসীৰ বহুদিনীয়া আহ্বানৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় পুৰাতাত্বিক জৰীপ বিভাগ আৰু অসম চৰকাৰৰ প্রত্নতত্ত্ব বিভাগৰ উদ্যোগত প্ৰায় ১০-১১ বছৰ পূৰ্বে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি ৰঞ্জন শৰ্মাই উল্লেখ কৰে। ২০১৯-২০ চনত ৰাজ্যৰ বিত্তমন্ত্ৰীয়ে এই প্ৰক্ৰিয়াটোৰ বাবে ২৫ কোটি টকা ধাৰ্য্য কৰাৰ পাছতেই ভাৰতীয় পুৰাতাত্বিক জৰীপ বিভাগ আৰু অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগৰ কেইবাজনো জ্যেষ্ঠ বিষয়াৰ তত্ত্বাৱধানত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিকৰণৰ মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু যোৱা বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰা হয় বুলিও তেওঁ কয়। একেটা বৰ্ষতেই পুৰাতাত্বিক জৰীপ বিভাগে আবেদন জনোৱাৰ পাছতেই ইউনেস্কোৰ উপদেষ্টা সংগঠনৰ এজন বিশেষজ্ঞ অসমলৈ আহি মৈদামসমূহ পৰিদৰ্শন কৰে আৰু চলিত বৰ্ষত দিল্লীত হোৱা ইউনেস্কোৰ বৈঠকত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যদা লাভ কৰে। ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগৰ সঞ্চালক মুৰব্বী ড. দীপিলেখা কুলিয়ে ইয়াৰ বাবে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ইউনেস্কোৰ নিৰ্দেশনাৰ মাজেৰে মৈদামস্থলীৰ সকলো কাম-কাজ চোৱাচিতা কৰা হব বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক