September 28, 2024 10:32 AM | PM

printer

বিশ্ব উদ্ভাৱন সূচ্যাংকত ১৩৩ টা বিশ্ব অর্থনীতিৰ ভিতৰত ভাৰত ৩৯ সংখ্যক স্থানলৈ উন্নীত

চলিত বৰ্ষৰ বিশ্ব উদ্ভাৱন সূচ্যাংকত ১৩৩ টা বিশ্ব অর্থনীতিৰ ভিতৰত ভাৰত ৩৯ সংখ্যক স্থানলৈ উন্নীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক উল্লেখযোগ্য কৃতিত্ব হিচাপে অভিহিত কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয় কয় যে, যুৱক-যুৱতীসকলৰ জীৱন সলনি কৰিব পৰাকৈ সজীৱ উদ্ভাৱনী পৰিৱেশ তন্ত্ৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধ পৰিকৰ। ২০১৫ চনৰ বিশ্ব উদ্ভাৱন সূচ্যাংকৰ ৮১ সংখ্যক স্থানৰ পৰা ভাৰতে চলিত বৰ্ষত ৩৯ সংখ্যক স্থানলৈ উন্নীত হৈছে। সম্প্ৰতি মধ্য আৰু দক্ষিণ এছিয়াৰ অৰ্থনীতিসমূহৰ ভিতৰত ভাৰত প্ৰথম স্থানত আছে। নিম্ন মধ্য আয়ৰ অর্থনীতিসমূহৰ ভিতৰতো দেশ সম্প্রতি প্রথম স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক