ডাউনলোড
মোবাইল এপ

android apple
signal

April 22, 2024 8:00 PM | Rajnath Singh

printer

বিশ্বৰ সবাতকৈ ওখ যুদ্ধক্ষেত্র চিয়াছেন পৰিদৰ্শন ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিশ্বৰ সবাতকৈ ওখ যুদ্ধক্ষেত্র চিয়াছেন পৰিদৰ্শন কৰি তাৰ সামগ্ৰিক সুৰক্ষা ব্যৱস্থাৰ থিতাতে মূল্যায়ন কৰে। তেওঁ লগতে অত্যন্ত প্রতিকূল বতৰ আৰু প্ৰত্যাহ্বানমূলক ভৌগলিক পৰিস্থিতিৰ মাজত কৰ্তব্যত নিয়োজিত হৈ থকা সেনা বাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে। প্রতিকূল পৰিস্থিতিৰ মাজতো অসীম সাহস আৰু দৃঢ়তাৰে দেশমাতৃক সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত জোৱানসকলৰ অৱদানক শ্রীসিঙে ভূয়সী প্রশংসা কৰে। তেওঁ কয় যে, সামৰিক বাহিনীৰ সদস্যসকলৰ প্ৰতি দেশবাসী চিৰঋণী হৈ ৰব কিয়নো তেওঁলোকৰ ত্যাগৰ বাবেই দেশৰ প্ৰতিগৰাকী নাগৰিকে নিৰাপদ অনুভৱ কৰে। চিয়াছেনক দেশৰ সাৰ্বভৌমত্ব আৰু দৃঢ়তাৰ প্ৰতীক আখ্যা দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে যুদ্ধক্ষেত্ৰখনক সাহস, শৌৰ্য আৰু নিষ্ঠাৰ ৰাজধানীৰূপে অভিহিত কৰে। তেওঁ লগতে মেঘদূত অভিযানৰ সফলতাৰ কথা স্মৰণ কৰি এই অভিযানক দেশৰ সামৰিক ইতিহাসৰ সোণোৱালী অধ্যায়ৰূপে অভিহিত কৰে। মেঘদূত অভিযানৰ সাফল্যক সকলোৰে বাবে গৌৰৱৰ বিষয় বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে, ১৯৮৪ চনৰ ১৩ এপ্ৰিলত ভাৰতীয় সেনাই চিয়াছেনত মেঘদূত অভিযান আৰম্ভ কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আনুষ্ঠানিক বিবৃতি অনুসৰি শ্রীসিঙে চিয়াছেন যুদ্ধস্মাৰকত পুস্পমাল্যও তৰ্পন কৰে।

অধিক পঢ়ক

সকলো চাওক