ডাউনলোড
মোবাইল এপ

android apple
signal

December 25, 2024 7:04 PM | Christmas

printer

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো বৰদিন পালন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি খ্রীষ্টধর্মী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন ধৰ্মীয় ৰীতি- নীতি আৰু পৰম্পৰাৰ মাজেৰে উদযাপন কৰা হৈছে। এই উপলক্ষে গীৰ্জাঘৰসমূহ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰলৰ ধ্বনিৰে মুখৰিত হৈ উঠিছে। গুৱাহাটীৰ পাণবজাৰত থকা খ্ৰীষ্ট চার্চ, ব্যাপ্তিষ্ট চাৰ্চ, কাহিলীপাৰা, চানমাৰি, খানাপাৰা আদি স্থানত থকা গীৰ্জাঘৰসমূহত আজি দুপৰীয়া আৰু সন্ধিয়া বৰদিনৰ সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত হৈছে। নিশালৈ ঠায়ে ঠায়ে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে।
ধুবুৰী জিলাৰ বিভিন্ন স্থানত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ব্যাপক উৎসাহ-উদ্দীপনাৰে বৰদিন পালন কৰিছে। এই উপলক্ষে কালিৰেপৰা গীর্জাসমূহৰ লগতে নিজ নিজ বাসগৃহসমূহ ৰং-বিৰঙৰ আলোকসজ্জাৰে সজ্জিত কৰি তুলিছে। জিলাখনৰ কোনো কোনো ঠাইত ধৰ্মীয় কাৰ্যসূচীৰ লগতে সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো বৰদিন উপলক্ষে ভোজ ভাতৰ আয়োজন কৰাৰ লগতে মিঠাই, পিঠা-পনা আদি বিতৰণ কৰা হৈছে । চিৰাং জিলাৰ শতবৰ্ষ গৰকা বামুণগাঁও গীৰ্জাত বড়ো খ্ৰীষ্টধর্মী লোকসকলে বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন কৰে। কোকৰাঝাৰ চহৰতো গীৰ্জাঘৰসমূহ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। ৰাজ্যৰ অন্যতম পুৰণি গীৰ্জাঘৰ শিৱসাগৰৰ কেন্দ্ৰীয় ব্যাপ্তিষ্ট মণ্ডলীত বৰদিনৰ লগত সংগতি ৰাখি আজি বিশেষ উপাসনাৰ আয়োজন কৰা হয়। বৰদিন উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যৰ শতাধিক গীৰ্জাত সমাজৰ শান্তি আৰু সমৃদ্ধিৰ কামনাৰে প্ৰাৰ্থনা কৰা হৈছে। কোহিমা, আইজল, তুৰা আদিকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ গীর্জা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, বাসগৃহ, দোকান-পোহাৰ, উদ্যান আৰু বাট-পথসমূহ ৰং-বিৰঙী আলোকসজ্জা আৰু বিভিন্ন ফুলেৰে সুশোভিত কৰি তোলা হৈছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলং নগৰ বৰ্তমান বৰদিনৰ আনন্দ-উল্লাসত বিভোৰ হৈ পৰা দেখা গৈছে। শ্বিলঙৰ বৰদিন উপভোগৰ বাবে দেশ-বিদেশৰ বহু পৰ্যটকৰো আগমন ঘটিছে। বৰদিনৰ আনন্দোৎসৱত ভাগ লোৱাৰ বাবে নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ত কেইবাদিনজোৰা বন্ধ ঘোষণা কৰা হৈছে। বিভিন্ন ঠাইত কাইলৈ পাৰম্পৰিক সমূহীয়া ভোজৰ আয়োজন কৰা হৈছে। ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমত অন্যান্য ধর্মীয় লোকসকলেও উছাহ-উদ্দীপনাৰে বৰদিন পালন কৰে। আনহাতে মণিপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে ৰাজ্যখনৰ উপত্যকা আৰু পাৰ্বত্য অঞ্চলসমূহত বৰদিনৰ আনন্দ-উল্লাস কিছু ম্লান পৰা পৰিলক্ষিত হৈছে।

অধিক পঢ়ক

সকলো চাওক