ডাউনলোড
মোবাইল এপ

android apple
signal

May 9, 2024 12:12 PM | Covishield

printer

বিশ্বৰ বজাৰৰ পৰা প্ৰত্যাহাৰ ক’ভিশ্বিল্ড

কৰ’না ভেকচিনৰ পাৰ্শ্বক্ৰিয়া থকা বুলি সর্বত্রে হোৱা চৰ্চাৰ পৰিপ্ৰেক্ষিতত ক’ভিশ্বিল্ডৰ প্রস্তুতকর্তা এষ্ট্ৰাজেনেকা নামৰ কোম্পানীটোৱে এই ভেকচিনবিধ বিশ্বৰ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে। ব্ৰিটিছ ঔষধ প্রস্তুতকর্তা কোম্পানীটোৱে এই ভেকচিনবিধৰ ক্ৰয় আৰু বিক্ৰয়ৰ লগতে ইয়াৰ উৎপাদন আৰু যোগান বন্ধ কৰি দিছে বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এষ্ট্ৰাজেনেকা ভেকচিন ভাৰতত ক’ভিশ্বিল্ড নামে পৰিচিত আছিল। দ্যা টেলিগ্ৰাফত প্ৰকাশ পোৱা এটা বাতৰি অনুসৰি যোৱা ৫ মাৰ্চত ইউৰোপৰ পৰা এই ভেকচিন ঘূৰাই লোৱাৰ বাবে ভেকচিন উৎপাদনকাৰী কোম্পানীটোৱে আবেদন জনাইছিল আৰু ইয়াক বৰ্তমান কাৰ্যকৰী কৰা হৈছে। ভাৰতত ক’ভিশ্বিল্ড উৎপাদন কৰা ছিৰাম ইনষ্টিটিউটে কয় যে, ২০২১ চনতে ভাৰতত এই ভেকচিনব উৎপাদন বন্ধ কৰা হৈছে। উল্লেখযোগ্য যে, ভাৰতৰ অধিকাংশ লোকে ক’ভিশ্বিল্ড ভেকচিন লৈছিল। দেশত এই ভেকচিনৰ ১৭৫ কোটি পালি দিয়া হৈছিল। ক’ভিশ্বিল্ড উৎপাদনকাৰী প্ৰতিষ্ঠানটোৱে অলপতে লণ্ডনৰ এখন আদালতত তেওঁলোকে উৎপাদন কৰা ক’ৰণা ভাইৰাছৰ ভেকচিন ল’লে বিৰল পাৰ্শ্বক্ৰিয়া হ’ব পাৰে বুলি স্বীকাৰ কৰিছিল। ইয়াৰ পাছতেই বিশ্বজুৰি এই ভেকচিনবিধক লৈ প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ সৃষ্টি হৈছে। ইফালে ভাৰতত ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াক লৈ বিভিন্ন লোকে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল আৰু ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্রহণ কৰিব বুলি সন্মতি জনাইছে। আবেদনকাৰী সকলে ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আৰু আন সাম্ভাৱ্য ক্ষতিসমূহৰ বিষয়ে জনাৰ বাবে এখন বিশেষজ্ঞ কমিটি গঠনৰো দাবী কৰিছে।

অধিক পঢ়ক

সকলো চাওক