বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ পানী খোৱা, পানীৰ অপচয় ৰোধ তথা পানী সংৰক্ষণ কৰাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে আজি চেঙা দক্ষিণপাৰত এখন কর্মশালা অনুষ্ঠিত হয়। বৃহত্তৰ চেঙাৰ কেইবাখনো শিক্ষানুষ্ঠানত অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ নিৰ্বাচিত শিক্ষাৰ্থীৰ এটা দলক বিভাগটোৰ সমল ব্যক্তিয়ে প্ৰশিক্ষণ দিয়ে। প্ৰধানকৈ সমষ্টিটোৰ চৰ অঞ্চলৰ শিক্ষাৰ্থীক এই প্রশিক্ষণ দিয়াত বিশেষ গুৰুত্ব দিয়া হৈছে। জলদূত নাম দিয়া এইসকল শিক্ষার্থীয়ে নিজৰ ঘৰখনৰ লগতে চুবুৰীয়াৰ মাজতো পানীৰ গুণাগুণ, অবাৱত পানীৰ অপচয় নকৰা, জলজীৱ মিছনৰ পানী গ্ৰহণ কৰা আদিৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰিব।
Site Admin | September 13, 2024 8:36 PM | Akashvani | Barpeta | Local news
বিশুদ্ধ পানী খোৱা, পানীৰ অপচয় ৰোধ তথা পানী সংৰক্ষণৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে ৰাইজক সজাগতা সৃষ্টিৰে বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যসূচী
