বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪ৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণৰ আহ্বান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰে এইবছৰো বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪ প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থখনৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে পুৰস্কৃত কৰা হ’ব। আজি এটা বিবৃতিযোগে পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে এই বঁটা গ্ৰন্থৰ লেখকক ৫ লাখ টকাৰ সৈতে মানপত্র আৰু প্ৰকাশকক ৩ লাখ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ’ব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্রকাশকৰ যিকোনো এগৰাকীয়ে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব। প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ ৪ টা কপি অহা ১৫ নৱেম্বৰৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব৷ প্ৰ-পত্র assampublicationboard@gmail.com-ৰ জৰিয়তে প্ৰেৰণ কৰাৰ উপৰি ডাকযোগেও প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ চাৰিটা কপি প্ৰেৰণ কৰিব পাৰিব। প্ৰ-পত্ৰখন অসম প্ৰকাশন পৰিষদৰ ৱেবছাইট www.publicationboardassam.com-ত উপলব্ধ হ’ব বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক