ডাউনলোড
মোবাইল এপ

android apple
signal

বিশিষ্ট সাংবাদিক বুলন কুমাৰ শ‍ইকীয়াৰ মৃত্যু

আজি পুৱতি নিশা নাহৰকটীয়াত পৰলোকপ্ৰাপ্তি ঘটা বিশিষ্ট সাংবাদিক বুলন কুমাৰ শ‍ইকীয়াৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়াৰ ভাগত তেওঁৰ বাসভৱনৰ চৌহদত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। শ‍ইকীয়াৰ শেষকৃত্যত নাহৰকটীয়াৰ প্ৰাক্তন পৌৰপতি জগদীশ ৰাজকোঁৱৰ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিশ্বজিৎ সোণোৱাল আৰু নাহৰকটীয়া, দুলীয়াজান আৰু ডিব্ৰুগড়ৰ ভালেসংখ্যক সংবাদকর্মী উপস্থিত আছিল। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, আজি পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটা নীতিনিষ্ঠ, আপোচহীন সাংবাদিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৪৮ বছৰ। দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত ভূগি থকা বুলন কুমাৰ শ‍ইকীয়াই সাংবাদিকতাৰ লগতে সাহিত্যিক, নিবন্ধকাৰ আৰু কবি ৰূপেও অসমীয়া সাহিত্য জগতত সু-পৰিচিত আছিল। দৈনিক জনমভূমি, আমাৰ অসম, অসমীয়া প্ৰতিদিন আদি কাকতত সাংবাদিকতা কৰাৰ পাছত তেওঁ অধুনালুপ্ত এন ই টি ভিত টেলিভিছন সাংবাদিকতা আৰম্ভ কৰে। তেওঁ কিছুদিন ডি ৱাই থ্রী ছিক্স ফাইভ চেনেলত আৰু পৰৱৰ্তী কালত এন কে টি ভি চেনেলত সুখ্যাতিৰে সাংবাদিকতা কৰে। তেওঁ গ্ৰাউণ্ড নিউজ নামেৰে এটা নিউজ প’ৰ্টেল আৰু পষেকীয়া সোমবাৰ আৰু খবৰ চাৰিদিশ নামৰ এখন পষেকীয়া কাকতো সম্পাদনা কৰিছিল। অসমৰ থলুৱা খাদ্য ৰীতি সম্পৰ্কত ‘আমাৰ জুটি বুধি’ শীৰ্ষক গ্ৰন্থ আৰু ৰাজ্যৰ ভূ-ৰাজনীতি বিষয়ক তেওঁৰ ‘আৰাকান ইণ্টেল’ শীৰ্ষক উপন্যাসখনে তেওঁক অসমীয়া সাহিত্য জগতত সুপৰিচিত কৰি তুলিছিল। ভগৱান বুদ্ধৰ আদৰ্শৰে অনুপ্রাণিত বুলন শ‍ইকীয়া বৌদ্ধ ধৰ্ম সম্পৰ্কতো প্ৰচুৰ অধ্যয়নপুষ্ট আছিল। তেওঁৰ মৃত্যুত কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু নাহৰকটীয়া প্ৰেছ গিল্ডকে ধৰি ভালেকেইটা সাংবাদিক সংগঠনে শোক প্ৰকাশ কৰাৰ বাতৰি আমালৈ আহিছে।

অধিক পঢ়ক

সকলো চাওক