ডাউনলোড
মোবাইল এপ

android apple
signal

November 21, 2024 6:23 PM | Debate

printer

বিশিষ্ট শিল্পী প্রয়াত ৰুণুমী ঠাকুৰ সোঁৱৰণী বক্তৃতানুষ্ঠান

গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যাপিকা তথা বিশিষ্ট শিল্পী প্রয়াত ৰুণুমী ঠাকুৰ সোঁৱৰণী বক্তৃতা অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট সাংবাদিক মুনীন বায়নে সাহিত্য সংস্কৃতিৰ শেহতীয়া প্ৰেক্ষাপট : আনন্দ বিষাদ বিষয়ত বক্তৃতা প্রদান কৰে। বক্তৃতা অনুষ্ঠানত বিশ্বায়ন আৰু তথ্য প্ৰযুক্তিয়ে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰলৈ কঢ়িয়াই অনা ইতিবাচক আৰু নেতিবাচক দিশসমূহত আলোকপাত কৰে। আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বন্তি প্ৰজ্বলন, প্ৰয়াত ৰুণুমী ঠাকুৰৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি তর্পণ, হাতে লিখা আলোচনী আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচন আদি কাৰ্যসূচীয়ো অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক