আজি আম আদমী পাৰ্টিৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰাৰ গোপীগাওঁ তৃতীয় খণ্ড বেলতলীত আয়োজিত জনসভাত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ উপস্থিত থাকে৷ অনুষ্ঠানত মনোজ ধানোৱাৰে কয় ‘অসম চৰকাৰে স্মাৰ্ট মিটাৰৰ জৰিয়তে জনসাধাৰণৰ ওপৰত লুণ্ঠন চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই গুজৰাটী ব্যৱসায়ী গৌতম আদানিৰ প্ৰতিষ্ঠানৰ লাভৰ স্বাৰ্থত স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাৰ ওপৰত মাধমাৰ সোধাইছে। যি সময়ত দিল্লীৰ আম আদমী পাৰ্টিৰ চৰকাৰে ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি প্ৰৱৰ্তন কৰিছে, সেই সময়ত অসমত অস্বাভাৱিক হাৰত বৃদ্ধি কৰা হৈছে বিদ্যুত মাচুল। অসমৰ ৰাইজে চৰকাৰৰ এই জনবিৰোধী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’ব লাগিব।’ আপৰ নেতাগৰাকীয়ে সাম্প্ৰদায়িক বিজেপি আৰু এআইডিইউএফৰ গোপন মিতিৰালি থকা বুলিও অভিযোগ উত্থাপন কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাশ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত সভাপতি ধানোৱাৰে চৰকাৰৰ উচ্ছেদ নীতিৰ কটু সমালোচনা কৰে। হিন্দু-মুছলমানৰ ৰাজনীতি কৰা অসমৰ মুখ্যমন্ত্ৰীয়ে মাথোঁ সাম্প্ৰদায়িক মেৰুবিভাজনৰ জৰিয়তে ৰাজনৈতিক মুনাফা অৰ্জনৰ লক্ষ্যত বুলড’জাৰৰ ৰাজনীতি কৰিছে। চৰকাৰে চলোৱা উচ্ছেদৰ বিৰুদ্ধে কংগ্ৰেছ বা এআইডিইউএফৰ পৰা নিৰ্বাচিত বিধায়ক সকলে কোনো ধৰণৰ প্ৰতিবাদ কৰা নাই। ধানোৱাৰে তেওঁৰ ভাষণত দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰে জনসাধাৰণৰ কল্যাণৰ হকে স্থাপন কৰা মহল্লা ক্লিনিক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে উন্নত মানৰ চৰকাৰী স্কুল প্ৰতিষ্ঠাৰ বিষয়েও উল্লেখ কৰে। অসমৰ ৰাইজক দিল্লীৰ দৰে কামৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়। সভাত আপৰ যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়া, সামাজিক মাধ্যমৰ ৰাজ্যিক সমন্বয়ক তাৰিক চৌধুৰী, মুখপাত্ৰ আশ্ৰাফুল আৰিফ শিকদাৰ, ধুবুৰী জিলাৰ সভাপতি মমিনুৰ ইছলাম, জাকিৰ হুছেইন আকণ্ডৰ লগতে জিলা সমিতিৰ বহুকেইগৰাকী কৰ্মকৰ্তা উপস্থিত থাকে। দলৰ নেতৃবৃন্দই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ধুবুৰী জিলাৰ অন্তৰ্গত আটাইকেইটা বিধান সভা সমষ্টিত দলৰ ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে।
Site Admin | November 28, 2024 6:56 PM | AAP | Political | Political News