ডাউনলোড
মোবাইল এপ

android apple
signal

December 5, 2024 1:02 PM | PSLV-59

printer

বিয়লি ৪ বাজি ১২ মিনিটত উৎক্ষেপন কৰা হ’ব PSLV-C59 যান

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 আজি বিয়লি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপন কৰা হ’ব। ইছৰোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি বিয়লি ৪ বাজি ১২ মিনিটত PSLV-C59 যানখনে ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্রী উপগ্রহলানি মহাকাশত উৎক্ষেপন কৰিব। উল্লেখযোগ্য যে, ইছৰোৱে PSLV-C 59 প্রোবা থ্রী মহাকাশ যানৰ বিজুতিৰ বাবে এই উৎক্ষেপন অভিযানৰ সময় পুনৰ নিৰ্ধাৰণ কৰিছে। পূৰ্বে কালি বিয়লি ৪ বাজি ৮ মিনিটত এই উৎক্ষেপন কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল ৷ বিশ্বৰ প্ৰথমটো এই প্রোবা থ্রীত দুটা উপগ্রহ আছে যি কক্ষপথত উপনীত হোৱাৰ পাছত দুটা ভাগত বিভক্ত হ’ব। এই উপগ্রহসমূহে সৌৰ মুকুট, ইয়াৰ চৌপাশৰ বাতাবৰণ, মহাকাশৰ বতৰ আৰু সৌৰ বতাহৰ অধ্যয়ন কৰিব। ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডে এই প্রোবা থ্রী উপগ্রহলানি মহাকাশত উৎক্ষেপন বাবে ইউৰোপীয় মহাকাশ সংস্থাৰ পৰা ফৰ্মাচ লাভ কৰিছে ।

অধিক পঢ়ক

সকলো চাওক