April 9, 2024 6:26 PM | ED kejriwal

printer

বিভৱ কুমাৰ আৰু দুৰ্গেশ পাঠকক বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জেৰা

বিধি বলবৎকাৰী সঞ্চালকালয়ে আৱকাৰী নীতি সম্পৰ্কীয় ক’লা ধন বৈধকৰণৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহকাৰী বিভৱ কুমাৰ আৰু আম আদমী পাৰ্টীৰ বিধায়ক দুৰ্গেশ পাঠকক জেৰা কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, ক’লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হৈছে। শ্ৰীপাঠকক ২০২১-২২ চনৰ গোৱা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীৰ প্ৰচাৰ অভিযান সংক্রান্তত জেৰা কৰা হৈছে। ছাউথ গ্ৰুপে প্ৰদান কৰা ১০০ কোটি টকাৰ উৎকোচৰ প্ৰায় ৪৫ কোটি টকা আম আদমী পাৰ্টীয়ে গোৱা বিধান সভাৰ নিৰ্বাচনৰ প্ৰচাৰত ব্যয় কৰিছিল বুলি তদন্ত সংস্থাটোৱে অভিযোগ উত্থাপন কৰিছে।

অধিক পঢ়ক

সকলো চাওক