বিভিন্ন সংবাদ মাধ্যমৰ লোকসভা নিৰ্বাচনৰ নির্বাচনোত্তৰ সমীক্ষা প্রকাশ

লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমে নির্বাচনী সমীক্ষা প্রকাশ কৰিছে। শেহতীয়া তথ্য অনুসৰি আজ টক নামৰ সংবাদ প্রতিষ্ঠানে এন ডি এ মুঠ নির্বাচন অনুষ্ঠিত ৫৪২ খন আসনৰ ভিতৰত ১৭৪ ৰ পৰা ১৯৫ খন লাভ কৰিব বুলি প্ৰকাশ কৰিছে। ৰিপাবলিক টিভি আৰু পি এম এ আৰ কিউৰ মতে এন ডি এ মিত্রজোটে ৩৬৮ খন আসন লাভ কৰি পুনৰ ক্ষমতা দখল কৰাৰ বিপৰীতে কংগ্ৰেছ মিত্রজোঁটে ১২৪ খন আসন লাভ কৰিব। মেটবিজ নামৰ প্ৰতিষ্ঠানটোৰ সমীক্ষা অনুসৰিও বিজেপি মিত্রজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিব। টাইমছ নাও নৱভাৰতৰ সমীক্ষা অনুসৰি এন ডি এ ২৫২ খন আৰু কংগ্ৰেছ নেতৃত্বাধীন মিত্রজোঁটে ১০৫ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। একেদৰে জি নিউজৰ সমীক্ষা অনুসৰি এন ডি এ ৩৭০ৰ পৰা ৪ শতাধিক আৰু কংগ্ৰেছ মিত্রজোঁটে ১০৯ ৰ পৰা ১৩৯ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। ইফালে নির্বাচনী সমীক্ষাত অসমৰ ১৪খন লোকসভা আসনৰ ভিতৰত আটাইকেইটা সমীক্ষাকাৰী প্ৰতিষ্ঠানে বিজেপিক ১২ খন, কংগ্ৰেছ আৰু এই আই ইউ ডি এফক এখনকৈ আসন দিছে। টাইমছ নাও নৱভাৰতৰ নির্বাচনী সমীক্ষা অনুসৰি অসমত বিজেপিয়ে ১২ খন, কংগ্ৰেছে এখন আৰু এই আই ইউ ডি এফে এখনকৈ আসন লাভ কৰিব। একেদৰে নিউজ টুৱেন্টিফ’ৰ, চাণক্য আৰু নিউজ এক্সৰ সমীক্ষাতো বিজেপি মিত্রজোঁটে ১২খন তথা কংগ্ৰেছ আৰু এই আই ইউ ডি এফে এখনকৈ আসন লাভ কৰিব বুলি প্ৰকাশ পাইছে। আনহাতে টুডেইজ চাণক্যৰ সমীক্ষা অনুসৰি অসমত বিজেপি মিত্রজোঁটে ১০ খন, কংগ্ৰেছে ২ খন আৰু অন্যান্যই ২ খন আসন লাভ কৰিব। ইফালে উত্তৰ-পূবৰ ২৫ খন আসনক লৈ এ বি পি চি ভোটার্চে প্রকাশ কৰা সমীক্ষা অনুসৰি বিজেপি মিত্রজোঁটে ১৬ৰ পৰা ২১ খন আৰু আই এন ডি এ মিত্রজোঁটে ৩ৰ পৰা ৭খন আসন লাভ কৰিব। অৰুণাচল আৰু মেঘালয়ৰ ৪খন আসনে বিজেপি মিত্রজোঁটে লাভ কৰিব বুলি টাইমছ নাও নৱভাৰতৰ সমীক্ষাত প্ৰকাশ পাইছে।

অধিক পঢ়ক

সকলো চাওক