বিভাগীয় প্ৰকল্পৰ বাবে কেন্দ্ৰৰ সহযোগিতা বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱ, গজেন্দ্ৰ সিং শেখাৱট, এইচ ডি কুমাৰাস্বামী আৰু ড০ জিতেন্দ্ৰ সিঙক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

ৰাজ্যৰ বিজ্ঞান প্রযুক্তি, জলবায়ু পৰিৱৰ্তন, পৰিবহণ, মীন আৰু তথ্য প্ৰযুক্তিৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিভাগীয় প্ৰকল্পৰ বাবে কেন্দ্ৰৰ সহযোগিতা বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱ, গজেন্দ্ৰ সিং শেখাৱট, এইচ ডি কুমাৰাস্বামী আৰু ড০ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী যাদৱৰ সৈতে হোৱা বৈঠকত শ্ৰী মহন্তই অসমৰ বাবে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ নতুন আঁচনি গ্ৰহণৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ মিছন লাইফ শীৰ্ষক কাৰ্যসূচী আৰু অধিক বহল পৰিসৰত ৰূপায়ণৰ বাবে আহ্বান জনায়। এই আহ্বানলৈ সঁহাৰি জনাই কেন্দ্ৰীয় মন্ত্ৰী যাদৱে জলবায়ু পৰিৱৰ্তনৰ সমস্যা প্ৰশমনৰ দিশত অসমক মন্ত্ৰালয়ৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে। বৈঠকত অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ চমুকৈ এছটেকৰ সঞ্চালক ড০ জয়দ্বীপ বৰুৱায়েও অংশগ্ৰহণ কৰে।

Image

এই বৈঠকতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মিছন লাইফ কাৰ্যসূচী আগবঢ়াই নিয়াৰ বাবে আই আই টি গুৱাহাটী আৰু অসম চৰকাৰৰ বিজ্ঞান প্রযুক্তি তথা জলবায়ু পৰিৱৰ্তন বিভাগক জড়িত কৰি আইডিয়াছ ফৰ লাইফ নামেৰে নতুন পদক্ষেপ গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে। ইয়াৰ পিছতে শ্ৰী মহন্তই কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্রী গজেন্দ্র সিং শেখাৱটক সাক্ষাৎ কৰি গুৱাহাটীৰ সমীপৰ সোণাপুৰত নিৰ্মীয়মান ছায়েন্স চিটী প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য খটকীয়াকৈ সম্পূৰ্ণ কৰাৰ লগতে অতিৰিক্ত নির্মাণ ব্যয় মন্ত্ৰ্যালয়ৰ ফালৰ পৰা অনুমোদন জনাবলৈ অনুৰোধ কৰে। এই অনুৰোধ গ্ৰহণ কৰি শ্ৰী শেখাৱটে প্ৰকল্পটো পৰিদৰ্শনৰ লগতে কেন্দ্ৰৰ দ্বাৰা ৰূপায়িত বিজ্ঞান-সংস্কৃতিৰ বিভিন্ন প্রকল্প তথা কাৰ্যসূচীৰ পর্যালোচনাৰ বাবে চলিত মাহতে অসম ভ্ৰমণলৈ আহিব বুলি অৱগত কৰে।

Image
ইফালে কালিয়েই কেন্দ্রীয় গুৰু উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰাস্বামীৰ সৈতে হোৱা সাক্ষাৎকালত শ্ৰী মহন্তই শিলচৰত স্থাপিত নেচনেল ইনষ্টিটিউট ফ’ৰ অটোমেটিভ ইন্সপেকশন মেইনটেনেন্স এণ্ড ট্রেইনিং চমুকৈ এন আই এ আই এম টিক পূৰ্ণৰূপত কাৰ্যক্ষম কৰি অটোমেটেড টেষ্টিং চেণ্টাৰলৈ উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। ইফালে শ্ৰী মহন্তই কেন্দ্রীয় বিজ্ঞান-প্রযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙক সাক্ষাৎ কৰি ৰাজ্যত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা খণ্ডৰ দ্ৰুত প্ৰসাৰৰ বিষয়ত আলোচনাত মিলিত হোৱাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অহা ১০ ছেপ্তেম্বৰত গুৱাহাটীত হ’বলগীয়া উত্তৰ-পূবৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰীৰ সন্মিলনত ভাগ ল’ব বুলি অৱগত কৰে।

Image

সাক্ষাৎকালত শ্ৰী মহন্তই উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু পৰিৱৰ্তন সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত ধৰিত্ৰী-বিজ্ঞান মন্ত্ৰ্যালয়ৰ অধীনত এটা জলবায়ু পৰিৱৰ্তন গৱেষণা আৰু উন্নয়নৰ উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। আনহাতে ৰাজ্যৰ দূৰ সংযোগ আৰু মীন খণ্ডৰ বিকাশ তথা আধুনিকীকৰণৰ বাবে কেন্দ্ৰৰ সহযোগিতা বিচাৰি শ্ৰী মহন্তই কালি কেন্দ্ৰীয় দূৰ সংযোগ সচিব নীজ মিউল আৰু মীন সচিব ড০ অভিলাষ লিখিৰে পৃথকে দুখন গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

অধিক পঢ়ক

সকলো চাওক