উচ্চতম ন্যায়ালয়ে কৈছে যে, ফৌজদাৰী কাৰ্যবিধিৰ ১২৫ নম্বৰ অনুচ্ছেদৰ অধীনত মুছলিম মহিলাসকলৰ স্বামীৰ পৰা খোৰাকী লাভৰ অধিকাৰ আছে। ফৌজদাৰী কাৰ্যবিধিৰ ১২৫ নম্বৰ অনুচ্ছেদৰ অধীনত বিবাহ বিচ্চেদিত পত্নীক খোৰাকী প্ৰদানৰ বাবে দিয়া নিৰ্দেশৰ বিৰুদ্ধে এগৰাকী ব্যক্তিয়ে দাখিল কৰা আবেদন খাৰিজ কৰি ন্যায়াধীশ বি ভি নাগৰত্না আৰু আগষ্টিন জর্জ মছিহক লৈ গঠিত এখন বিচাৰপীঠে এইদৰে ৰায় দিয়ে। বিচাৰপীঠখনে লগতে আবেদন বিচৰাধীন হৈ থকা অৱস্থাত কোনো মহিলাক বিবাহ বিচ্ছেদ প্রদান কৰিলে তেওঁ ২০১৯ চনত বিবাহ অধিকাৰ সংৰক্ষণ আইনৰ সহায় লব পাৰে বুলি ৰায় দিয়ে। বিচাৰপীঠখনে কয় যে, ১৯৮৬ চনৰ মুছলিম মহিলা বিবাহ বিচ্চেদ অধিকাৰ সংৰক্ষণ আইন ধৰ্ম নিৰপেক্ষ আইনৰ উৰ্ধত নহয়। ২০১৯ চনৰ আইনৰ অধীনৰ ব্যৱস্থাৱলী ফৌজদাৰী কাৰ্যবিধিৰ ১২৫ নম্বৰ অনুচ্ছেদৰ ওপৰঞ্চি বুলিও বিচাৰপীঠখনে মন্তব্য কৰে । এগৰাকী বিবাহ বিচ্চেদিত মুছলিম মহিলাক স্বামীৰ পৰা খোৰাকী দাবী কৰাৰ অধিকাৰ প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতি বিজেপিয়ে আদৰণি জনাইছে। নতুন দিল্লীত আজি সংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে, সর্বোচ্চ ন্যায়ালয়ৰ ৰায় মুছলমান সম্প্ৰদায়ৰ মহিলাৰ বাবে ডাঙৰ সকাহ আৰু এই ৰায়ে ধৰ্ম নিৰ্বিশেষে সকলো মহিলাকে সমান সন্মান প্ৰদান কৰে। ১৯৮৫ চনৰ শ্বাহ বানো গোচৰৰ কথা উল্লেখ কৰি শ্ৰীত্রিবেদীয়ে কয় যে, কংগ্ৰেছ ক্ষমতালৈ আহিলে দলটোৱে সংবিধানক বিভিন্ন ধৰণে আক্ৰমণ কৰে। তেওঁ কয় যে, সেই সময়ৰ কংগ্ৰেছ চৰকাৰে শ্বাহ বানো গোচৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ক উপেক্ষা কৰি সংবিধান দুৰ্বল কৰি তুলিছিল। এই গোচৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে মুছলমান সম্প্ৰদয়ৰ মহিলাৰ খোৰাকী ভাট্টাৰ অধিকাৰ বৰ্তাই ৰাখিছিল। তেওঁ লগতে কয় যে, সৰ্বোচ্চ ন্যায়ালয়ৰ আজিৰ ৰায়ে ৩৯ বছৰ পূৰ্বৰ বিপদ সমুলি নাশ কৰিলে।
Site Admin | July 10, 2024 8:09 PM | SC